ETV Bharat / state

এচকাৰ্ডাৰৰ বিৰুদ্ধে আৰছুকে ধৰি বাৰটা সংগঠনৰ পদযাত্ৰা - অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন- ২০১৭

অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ৰ আঁওতাৰ পৰা ৰাভা হাছং এলেকা তথা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ​ এলেকাধীন গাঁৱসমূহ কৰ্তন কৰাৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বন্দাপাৰাৰ পৰা ২৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল এই পদযাত্ৰা ৷ শনিবাৰে বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাত প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

Chaigaon ARSU protest
সামৰণি পৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ কৰা দুদিনীয়া পদযাত্ৰাৰ
author img

By

Published : Dec 1, 2019, 9:07 AM IST

ছয়গাঁও, 1 ডিচেম্বৰঃ শনিবাৰে গোৱৰ্ধনত সামৰণি পৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ কৰা দুদিনীয়া পদযাত্ৰা কাৰ্যসূচীৰ ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ৰ আঁওতাৰ পৰা ৰাভা হাছং এলেকা তথা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ​ এলেকাধীন গাঁও সমূহ কৰ্তন কৰাৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বন্দাপাৰাৰ পৰা ২৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল এই পদযাত্ৰা ৷ শনিবাৰে বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাত প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীত ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ সদস্য নগৰমল স্বৰ্গীয়াৰী, বেংগলী ছাত্ৰ ফেডাৰেচনৰ সঞ্জয় চৌধুৰীৰ লগতে কেবাগৰাকীও নেতাই ভাষণ প্ৰদান কৰে ৷ লগতে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চাৰকাৰক সকিয়াই দিয়ে আন্দোলনকাৰীসকলে ৷

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া পদযাত্ৰা

আৰু পঢ়ক- শিলচৰত অঘটন: চলন্ত ৰেলত ডেগাৰেৰে হানি-খুচি প্ৰাণ ল'লে এজনৰ

Intro:এচকাৰ্ডাৰ বিৰুদ্ধে আৰছুকে ধৰি বাৰটা সংগঠনৰ পদযাত্ৰা ৷ Body:ৰাভা হাছং এলেকালৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিৰোধিতা

আৰছু সহ বাৰ সংগঠনৰ দুদিনীয়া পদযাত্ৰাৰ সামৰণি

ছয়গাঁও ৩০ নবেম্বৰ : অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন- ২০১৭ ( এচকাৰ্ডা ) আইনৰ আওতাৰ পৰা ৰাভা হাছং এলেকা তথা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ​ এলেকাধীন গাঁও সমূহ কৰ্তন কৰাৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ উদ্যোগত বন্দাপাৰাৰ পৰা ২৯ নৱেম্বৰত আৰম্ভ কৰা দুদিনীয়া পদযাত্ৰা কাৰ্য্সূচীৰ আজি আবেলি ছয়গাঁৱৰ গোৱৰ্ধনত সামৰণি পৰে। দ্বিতীয় দিনা অৰ্থাৎ আজি বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাত প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি অহা পদযাত্ৰাত অংশগ্ৰহণকাৰী সকলে​ "এচকাৰ্ডা বাতিল কৰক " , "বিজেপি চৰকাৰ হায় হায়", ,"ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ নালাগে","অসম চৰকাৰ মিচলীয়া","এচকাৰ্ডা গ’ বেক",আমাক ষষ্ঠ অনুসূচী লাগিবই " আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,কামৰূপ জিলা ৰাভা মহিলা পৰিষদ,কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি,কামৰূপ জিলা ৰাভা সাহিত্য সভা,কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ,দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘ,দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থা,কামৰূপ জিলা গোৰ্গা কল্যাণ সমিতি,কামৰূপ জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন,দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থা,কামৰূপ জিলা গাৰো ছাত্ৰ সন্থা আৰু কামৰূপ জিলা অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাভা হাছং শ্বায়ত্ব শাসিত পৰিসদৰ কেবাগৰাকীও সদস্য তথা আৰছুৰ সভাপতি ৰমেন সিং ৰাভাইও এই পদযাত্ৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । পদযাত্ৰাৰ অন্তত গোৱৰ্ধন আঞ্চলিক হাইস্কুলত অনুষ্ঠিত সভাত ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ৰাভা হাছং শ্বায়ত্ব শাসিত পৰিষদৰ সদস্য নগৰমল স্বৰ্গীয়াৰী, বঙালী ছাত্র ফেডাৰেচনৰ সঞ্জয় চৌধুৰীৰ লগতে কেবাগৰাকীও নেতাই ৰাজধানী ক্ষেত্ৰ ৰাভা হাছং এলেকালৈ সম্প্ৰসাৰণৰ বিৰোধিতাৰে ভাষণ দিয়ে। যদি ৰাজ্য চৰকাৰে তেওঁলোকৰ এই সিদ্ধান্ত বাতিল নকৰে তেন্তে ইয়াতকৈও আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.