ETV Bharat / state

পহিলা বহাগত ৰঙিয়াৰ তেল ডিপুলৈ আহি আচৰিত হ’ল গ্ৰাহক - কৃষ্টি সংস্কৃতি

বিহুৰ দিনা ৰঙিয়াত এক সুন্দৰ দৃশ্য দেখা গ'ল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চ’ছাইটিৰ সমীপত থকা এটি তেল ডিপোত । বিহুৰ দিনা ডিপোটোত কৰ্মৰত কৰ্মচাৰী সকলে পিন্ধি আহিছে অসমীয়া সাজপাৰ । ডিপোটোৰ যুৱক কৰ্মচাৰী সকলে ধূতি -গামোচা পিন্ধি অহাৰ বিপৰীতে কৰ্মৰত যুৱতী সকলে পিন্ধি আহিছে মেখেলা-চাদৰ ।

ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো
ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো
author img

By

Published : Apr 15, 2021, 1:38 PM IST

ৰঙিয়া, 15 এপ্ৰিল : পহিলা ব’হাগৰ দিনাই ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চ’ছাইটিৰ সমীপত থকা এটি তেল ডিপোত দেখিবলৈ পোৱা গৈছে এক সুন্দৰ দৃশ্য ৷ বিহুৰ দিনা ডিপোটোত কৰ্মৰত কৰ্মচাৰী সকলে পিন্ধি আহিছে অসমীয়া সাজপাৰ । ডিপোটোৰ যুৱক কৰ্মচাৰী সকলে ধূতি-গামোচা পিন্ধি অহাৰ বিপৰীতে কৰ্মৰত যুৱতী সকলে পিন্ধি আহিছে মেখেলা-চাদৰ ।

ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো
ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো

ধূতি- গেঞ্জি , মূৰত গামোছা বান্ধি যুৱক সকলে গ্ৰাহক সকলক তেল দিয়া পৰিলক্ষিত হৈছে । পিছ পৰি ৰোৱা নাই ডিপোটোৰ যুৱতী সকলো । সুন্দৰ ভাবে তেল ভৰাই দিছে গ্ৰাহক সকলৰ যান-বাহনত । কেবল সেয়াই নহয় , যুৱক-যুৱতী সকলৰ উদ্যমক এক অনন্য মাত্ৰা প্ৰদান কৰি কাকতি ফিলিঙ চেণ্টাৰৰ স্বত্তাধিকাৰীয়েও প্ৰতিগৰাকী গ্ৰাহকক এখন ফুলাম গামোছা পিন্ধাই বিহুৰ শুভেচ্ছা জনাইছে ।

ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো
ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো

ডিপোটোৰ স্বত্বাধিকাৰীৰ পৰিয়ালৰ সদস্য সকলেও অসমীয়া সাজ-পোছাক পিন্ধি উৎসাহ যোগায় কৰ্মচাৰী সকলক ৷ ডিপোটোত তেল ভৰাবলৈ আহি আচম্বিতভাৱে এনেধৰণৰ অসমীয়া কৃষ্টি সংস্কৃতি শ্বাস্বত হোৱাত গ্ৰাহক সকল আপ্লুত হৈ পৰে । সকলোৱে যুৱক-যুৱতী সকলক জনাই বিহুৰ শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে ।

ৰঙিয়াত ব্যতিক্ৰমী দৃশ্যৰে এটা তেল ডিপো

গ্ৰাহক সকলে বিহুৱান লৈ অসমৰ সকলো ডিপোৰ কৰ্মকৰ্তা সকলক অন্তত বিহুৰ কেইদিন জাতীয় সাজ পৰিধান কৰিবলৈ আহ্বান জনায় । ইফালে কৰ্মৰত যুৱক যুৱতী সকলৰ মন্তব্য , কামো কৰিম, সংস্কৃতিও জীয়াই ৰাখিম । স্থানীয় যুৱতী সকলে এনেদৰে তেল ডিপোৰ কাম-কাজত জড়িত হোৱা কাৰ্যক নতুন প্ৰজন্মৰ বাবে অনুকৰণীয় বুলি মন্তব্য কৰে সচেতন ৰাইজে । এইয়া মহিলা সবলীকৰণৰ এক উৎকৃষ্ট উদাহৰণ বুলিও বহু গ্ৰাহকে মন্তব্য কৰে । বিহুৰ দিনা ৰঙিয়াৰ চ’ছাইটিত থকা কাকতি ফিলিঙ চেণ্টাৰৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীয়ে লোৱা এনে পদক্ষেপক সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে ।

লগতে পঢ়ক: ধেমাজিৰ চোতালে চোতালে হাইদাং হুচঁৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.