ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ অভিনৱ প্ৰতিবাদ

author img

By

Published : Dec 25, 2019, 5:08 AM IST

ৰাজ্যত সৰ্ব্বত্ৰে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ আইনখন বাতিলৰ দাবীত ৰাজ্যৰ ছাত্ৰ সমাজ,সাধাৰণ নাগৰিক তথা শিল্পী সমাজেও আহ্বান কৰিছে বিভিন্ন প্ৰতিবাদী সভাৰ ৷

CAA protest at Kamrup Guwahati and Dhemaji
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী অভিনৱ প্ৰতিবাদ

দক্ষিণ কামৰূপ, 24 ডিচেম্বৰঃ ৰাজ্যত সৰ্ব্বত্ৰে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ আইনখন বাতিলৰ দাবীত ৰাজ্যৰ ছাত্ৰ সমাজ,সাধাৰণ নাগৰিক তথা শিল্পী সমাজেও আহ্বান কৰিছে বিভিন্ন প্ৰতিবাদী সভাৰ ৷ তাৰ সমান্তৰালভাৱে মঙলবাৰে মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত দক্ষিণ কামৰূপ শিল্পী সমাজৰ উদ্যোগত আইনখন বাতিলৰ দাবীত "কা বিৰোধী সংস্কৃতিক প্ৰতিবাদ" শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হয় ৷

দক্ষিণ কামৰূপত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ আৰম্ভনিতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দিপাঞ্জল দাসক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শ্বহীদ গৰাকীৰ পিতৃ আৰু উপস্থিত ৰাইজে ৷ লগতে, শেহতীয়াভাবে চৰকাৰে জনসাধৰণৰ প্ৰতি আগবঢ়োৱা প্ৰলোভনৰ পৰাও ৰাইজগ সজাগ হ’বলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷

ধেমাজিঃ মঙলবাৰে ধেমাজি জিলা বৈদিক সনাতন সমাজে প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইৰ বিৰুদ্ধে ৷ উক্ত সভাত প্ৰতিবাদকাৰী সকলে ডবা,শংখ বজাই চৰকাৰক সুমতি দিয়াৰ উদ্দেশ্য আধ্যাত্মিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজি জিলা বৈদিক সনাতন সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

গুৱাহটী বিশ্ববিদ্যালয়ঃ ছাত্ৰসমাজৰ পিছত এইবাৰ শিক্ষকসমাজেও সাব্যস্ত কৰিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগতো উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷ উক্ত সমদলত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশ্ববিদ্যালয় শিক্ষক সন্থাই ৷ লগতে আইনখন বাতিল নোহোৱা পৰ্যান্ত সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে বিশ্ববিদ্যালয় সমাজে ৷

গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল

লগতে পঢ়ক- অসমীয়াই CAA নামানে ! একেই গতিৰে চলিয়েই আছে প্ৰতিবাদ

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দক্ষিণ কামৰূপ শিল্পী সমাজৰ উদ্যোগত "কা বিৰোধী সাস্কৃতিক প্ৰতিবাদ ।
Body:Ocvo...ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ছাত্ৰ সমাজ,সাধাৰণ নাগৰিক তথা শিল্পী সমাজে বিভিন্ন প্ৰতিবাদ কৰি আছে । তাৰ সমান্তৰাল ভাৱে আজি মঙ্গলবাৰে মিৰ্জা মামণি ৰয়ছম গোস্বামী চকত দক্ষিণ কামৰূপ শিল্পী সমাজৰ উদ্যোগত কা (CAA) বাতিলৰ দাবীত গীতেৰে, ছৱিৰে, কবিতাৰে, কথাৰে "কা বিৰোধী সংস্কৃতিক প্ৰতিবাদ" শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হৈছে । অনুষ্ঠানৰ আৰম্ভণিতে CAA বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দক্ষিণ কামৰূপৰ সন্তান দিপাঞ্জল দাস স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ গৰাকীৰ পিতৃ আৰু উপস্থিত ৰাইজে । Conclusion:উক্ত অনুষ্ঠানত দক্ষিণ কামৰূপৰ শিল্পী সাহিত্যিক নাট্যকাৰ সকলে গান কথা কবিতা আদিৰ মাজেৰে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শেহতীয়া ভাবে চৰকাৰে জনসাধৰণৰ পতি আগবঢ়োৱা প্ৰলোভনৰ পতি ৰাইজক সজাগ থাকিবলৈ আহ্বান জনায় ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.