ETV Bharat / state

বিটিচি নিৰ্বাচন : গোৰ্খাসমাজে সমৰ্থন জনাব ইউপিপিএলক

সমাগত বিটিচি নিৰ্বাচনক লৈ সঘনাই সলনি হৈছে দৃশ্যপট । প্ৰতিটো দল-সংগঠনৰ নিৰ্বাচনকেন্দ্ৰীক মিত্ৰতাক লৈ অব্যাহত আছে আলোচনা-বিলোচনা ।

বিটিচি নিৰ্বাচন : গোৰ্খাসমাজে সমৰ্থন জনাব ইউপিপিএলক
বিটিচি নিৰ্বাচন : গোৰ্খাসমাজে সমৰ্থন জনাব ইউপিপিএলক
author img

By

Published : Mar 12, 2020, 8:04 AM IST

ৰঙিয়া, 12 মাৰ্চ : সমাগত বিটিচি নিৰ্বাচনক লৈ সঘনাই সলনি হৈছে দৃশ্যপট । প্ৰতিটো দল-সংগঠনৰ নিৰ্বাচনকেন্দ্ৰীক মিত্ৰতাক লৈ অব্যাহত আছে আলোচনা-বিলোচনা । মঙ্গলবাৰে নিশা ৰঙিয়াত ইউপিপিএল আৰু এবছুৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বিটিআৰৰ গোৰ্খাসমাজৰ সৈতে ।

বিটিচি নিৰ্বাচন : গোৰ্খাসমাজে সমৰ্থন জনাব ইউপিপিএলক

সমাগত বিটিচি নিৰ্বাচনত বিটিচিৰ গোৰ্খাসমাজে সমৰ্থন জনাব ইউপিপিএলক । বিগত সময়খিনিত হাগ্ৰামা মহিলাৰীয়ে গোৰ্খাসমাজৰ একো সমস্যা সমাধান নকৰিলে বুলি অভিযোগ উত্থাপন কৰিলে গোৰ্খাসমাজে । আলোচনাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰী, এবছুৰ নেতৃবৃন্দ আৰু গোৰ্খাসমাজৰ কেইবাখনো জিলাৰ প্ৰতিনিধিৰ লগতে মুখ্য সমন্বয়ক উত্তম প্ৰধান উপস্থিত থাকে । গোৰ্খাসমাজে তেওঁলোকৰ সমস্যা সমাধান সন্দৰ্ভত আলোচনা কৰি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক এখন স্মাৰকপত্ৰ প্ৰদান কৰা বুলি জানিব দিয়ে যদিও সমাগত নিৰ্বাচনত ইউপিপিএলক সমৰ্থন জনাবৰ বাবেহে এই বৈঠক অনুষ্ঠিত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.