ETV Bharat / state

২০২০ চনত বিএছএফে আটক কৰে ২৬৩ জন অনুপ্ৰৱেশকাৰী: বিএছএফ

author img

By

Published : Jan 11, 2021, 4:43 PM IST

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে ২০১৯ত সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱেশৰ চেষ্টা চলোৱা ২৭ জন অনুপ্ৰৱেশকাৰীক আটক কৰাৰ লগতে ২০২০ চনত আটক কৰে ৩৫ জন বাংলাদেশীক । সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই কথা উল্লেখ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

bsf press meet at guwahati
২০২০ চনত বিএছএফে আটক কৰে ২৬৩ জন অনুপ্ৰৱেশকাৰী: বিএছএফ

গুৱাহাটী, 11 জানুৱাৰী : ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে ২০১৯ত সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱেশৰ চেষ্টা চলোৱা ২৭ জন অনুপ্ৰৱেশকাৰীক আটক কৰাৰ লগতে ২০২০ চনত আটক কৰে ৩৫ জন বাংলাদেশীক । সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই কথা উল্লেখ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ মহানগৰীৰ সমীপৱৰ্তী ৰাণীস্থিত উত্তৰ-পূৱ বিএছএফৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিএছএফে ২০২০ বৰ্ষটোৰ খতিয়ান দাঙি ধৰে । সংস্থাটোৱে উল্লেখ কৰা অনুসৰি বিগত ২০১৯ বৰ্ষটোতকৈ ২০২০ বৰ্ষত বি এছ এফে অধিক পৰিমানৰ চোৰাং সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীত বি এছ এফে বিভিন্ন অভিযান চলাই ২০১৯ বৰ্ষত ২২,৩২৪ টা চোৰাং গৰু জব্দ কৰাৰ সমান্তৰালভাৱে ২০২০ চনত ২২,৩২১ টা গৰু জব্দ কৰে । একেদৰে ২০১৯ চনত ১৮,২৫২টা নিচাযুক্ত দ্ৰব্য ফেঞ্চিদাইল জব্দ কৰাৰ বিপৰীতে ২০২০ চনত ২৯,৬৮৮ টা বটল জব্দ কৰে । ইয়াৰ উপৰি ২০১৯ চনত ১১২৬.১৫ কেজি গাঞ্জা জব্দ কৰাৰ সমান্তৰালভাৱে ২০২০ চনত ৩২৫৬.৫৮৮ কেজি গাঞ্জা জব্দ কৰে বিএছএফে । বিএছএফে ২০১৯ত বৰ্ষত ২২,৬৩৫ টা য়াবা টেবলেট জব্দ কৰাৰ সমান্তৰালভাৱে ২০২০ চনত ৬৮,৬৮৪ টা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

আনহাতে বিএছএফে ২০১৯ চনত সীমান্তত বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰিব লোৱা ২৭ জন অনুপ্ৰৱেশকাৰীক আটক কৰাৰ বিপৰীতে ২০২০ চনত আটক কৰে ৩৫ জন বাংলাদেশীক । একেদৰে ২০১৯ চনত বিএছএফে আইন উলংঘা কৰি সীমান্তত প্ৰৱেশ কৰা ২১৯ জন ভাৰতীয়ক আটক কৰে ৷ ইয়াৰ বিপৰীতে বিএছএফে ২০২০ চনত আটক কৰে ২৬৩ জনক । উল্লেখ্য যে, এইবাৰ ভাৰত বাংলাদেশ দুয়োখন দেশে নিশা তহলদাৰীৰ ব্যৱস্থা কৰিছে ৷ পূৰ্বতে এয়া কেৱল ভাৰতত নিশা পহৰাৰ ব্যৱস্থা আছিল । সংস্থাটোৱে লগতে সীমান্তত অত্যাধুনিক কেমেৰা, ৰাডাৰ, চেনচৰ আদি সংযোগ কৰা হৈছে বুলিও সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.