ETV Bharat / state

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং - বাঢ়নী পানী

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱালে কামৰূপ আৰু নলবাৰী সংযোগী বগলচ পথৰ এখন কাঠৰ দলং ৷ অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ মাধ্যম দলংখন ভাঙি যোৱাত দুৰ্ভোগ ভুগিছে ৰাইজে ৷

বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং
author img

By

Published : Jul 1, 2019, 3:26 PM IST

ৰঙিয়া,1 জুলাই : কামৰূপ আৰু নলবাৰী সংযোগী বগলচ পথৰ এখন কাঠৰ দলং বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ নৈৰ দুয়োপাৰৰ প্ৰায় পঞ্চাশখন গাঁৱৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন ভাঙি যোৱাত দুৰ্ভোগ ভুগিব লগা হৈছে জনসাধাৰণে ৷ উক্ত দলংখনেৰে ৰঙিয়াৰ বালিসত্ৰ,ধুহি আদিৰ পৰা চমুখা হৈ নলবাৰীৰ বৰশালা আৰু ঘগ্ৰাপাৰলৈ নিতৌ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা - যোৱা কৰে ৷ হঠাৎ দলংখন উটুৱাই নিয়াত প্ৰায় ১০-১২ কিলোমিটাৰ দূৰ যাত্ৰা কৰিবলৈ যমৰ যাতনা ভুগিছে কণমানি ছাত্ৰ-ছাত্ৰী সকলে ৷

বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং

লগতে বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ একমাত্ৰ কেন্দ্ৰস্থলী চমুখা বজাৰতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত ক্ষুদ্ৰ ব্যৱসায়ীসকল দুশ্চিন্তাত ভুগিব লগা হৈছে ৷ উল্লেখ্য যে, প্ৰায় ১৫ বছৰ পূৰ্বে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু আজিপৰ্যন্ত দলংখন সম্পূৰ্ণ নোহোৱাত অতীষ্ঠ হৈ পৰিছে ৰাইজ। আনকি দলংখন নিৰ্মাণত নিয়োজিত চাৰিজনকৈ ঠিকাদাৰ সলনি হোৱাৰ পাছতো দলঙৰ কাম সম্পূৰ্ণ হৈ নুঠাত সমীপতে জোৰা-টাপলি মাৰি এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল। বাঁহৰ খুটাৰ উপৰত কাঠৰ দলংখন নিৰ্মাণ কৰা বাবে নৈৰ পানী বাঢ়ি যোৱাৰ লগে লগে ভাঙি যায়। দলং নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে বৃহত্তৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে পকী দলংখন সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷

Intro:বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলংBody:কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী চমুখাত বৰলীয়া নদীৰ বাঢ়নী পানীয়ে যোৱা নিশা কাঠৰ দলং এখন উটুৱাই নিয়ে । হাজো সমষ্টিৰ অন্তৰ্গত তথা ৰঙিয়া গড়কাপ্তানী বিভাগৰ অধীনৰ কামৰূপ আৰু নলবাৰী সংযোগী বগলচ পথত থকা দলংখন নৈৰ কোবাল সোঁতত অৰ্ধাংশ ভাঙি হাউলি যোৱাত যাতায়ত বন্ধ হৈ পৰে । নৈখনৰ দুয়োপাৰৰ প্ৰায় পঞ্চাশখন গাঁৱৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম উক্ত দলংখন ভাঙি যোৱাত বৃহত্তৰ অঞ্চলটোৰ জনতাই যাতায়তৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে । দলংখনেৰে ৰঙিয়াৰ বালিসত্ৰ , ধুহি আদিৰ পৰা চমুখা হৈ নলবাৰীৰ বৰশালা আৰু ঘগ্ৰাপাৰলৈ নিতৌ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক সাধাৰণ জনতাই অহা-যোৱা কৰে । হঠাৎ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত বিশেষকৈ ছাত্র-ছাত্ৰীসকলে ১০-১২ কিলোমিটাৰ দূৰেৰে যমৰ যাতনা ভুগি যাতায়ত কৰিবলৈ বাধ্য হৈছে । লগতে বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ একমাত্ৰ কেন্দ্ৰস্থলী চমুখা বজাৰতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত ক্ষুদ্র ব্যৱসায়ীসকলে দুশ্চিন্তাত ভুগিব লগা হৈছে । উল্লেখ্য যে প্ৰায় ১৫ বছৰ পূৰ্বে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । কিন্তু বিগত ১৫ বছৰে দলংখন সম্পূৰ্ণ নোহোৱাত ৰাইজ অতীষ্ঠ হৈ পৰিছে । আনকি দলংখন নিৰ্মাণত চাৰি জনকৈ ঠিকাদাৰ সলনি হোৱাৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল । ইফালে পকী দলংখন সম্পূৰ্ণ নোহোৱা বাবে সমীপতে এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল । জোৰা-ঢাপলি মাৰি কোনোমতে নিৰ্মাণ কৰি উলিয়াইছিল উক্ত কাঠৰ দলংখন । অতি পালমৰা ধৰণেৰে বাঁঁহৰ খুটাৰ উপৰত কাঠৰ দলংখন নিৰ্মাণ কৰা বাবে নৈৰ পানী বাঢ়ি যোৱাৰ লগে লগে ভাঙি যায় । দলং নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে বৃহত্তৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে পকী দলংখন সম্পূৰ্ণ কৰিবলৈ চৰকাৰক ৰাইজে দাবী জনাইছে ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.