ETV Bharat / state

বকোৰ জাৰাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : Jan 8, 2021, 10:05 PM IST

শুকুৰবাৰে সন্ধিয়া বকোৰ জাৰাপাৰাত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰি এজন বাইক আৰোহী থিতাতে নিহত হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

boko-road-accident-killed-one
বকোৰ জাৰাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

বকো, 8 জানুৱাৰী : বকোৰ জাৰাপাৰাত শুকুৰবাৰে সন্ধিয়া এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰি এজন বাইক আৰোহী থিতাতে নিহত হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ নিহত লোকজনৰ নাম 32 বছৰীয়া পংকজ ৰাভা ৷

স্থানীয় লোকে সদৰি কৰা মতে, নিহত পংকজ ৰাভাক সংকটজনক অৱস্থাত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উত্তেজনাময় দুৰ্ঘটনাস্থলী । বকোৰ জাৰাপাৰা সমীপৰ পথৰ কাষত প্ৰায়ে কয়লা সৰবৰাহ কৰা বহু ট্ৰাক বিশৃংখলভাৱে ৰখাই থোৱাৰ ফলত বিগত সময়ত উক্ত অঞ্চলত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ ট্ৰাকখনৰ নম্বৰ AS-01-CC-3195 ।

লগতে পঢ়ক: প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.