বকো, 3 অক্টোবৰ: কৰ'ণা মহামাৰীৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে শনিবাৰে বকো আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিৎ কুমাৰ ৰায়, জামবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনি আৰু হাহিম পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজিৱ নাথৰ নেতৃত্বত এটা সঁজাতি আৰক্ষী দলে বকো থানাৰ অন্তৰ্গত লামপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিপুৱা ৬ বজাৰ পৰা তালাচী অভিযান চলায় । এই তালাচী অভিযানৰ মূল লক্ষ্য আছিল মাস্ক পৰিধান নকৰা, ব্যৱসায়ীক গাড়ী সমূহত সামাজিক দূৰত্বতা বাহাল ৰাখিবলৈ সজাগ কৰি তোলা । ইয়াৰোপৰি বকো থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ বাবেও পথচাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা।
উল্লেখযোগ্য যে, এই তালাচী অভিযান কালত কোনো-কোনো যাত্ৰীয়ে মুখত মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনাও ভৰিবলগীয়া হৈছে ।
লগতে পঢ়ক: পি কে দত্তক বিচাৰি কাঠমাণ্ডুত উপস্থিত CID