বকো, 4 ফেব্ৰুৱাৰী : অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ ড্ৰোণপাৰাত বৃহস্পতিবাৰে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন লেকৰ নিহত হয় বুলি জানিবলৈ দিছৈ স্থানীয় লোকে ৷
স্থানীয় লোকে সদৰি কৰা মতে বকো-লাম্পী পথ নিৰ্মাণত নিয়োজিত হৈ আছিল এখন ডাম্পাৰ ৷ কৰ্মত নিয়োজিত হৈ থকাৰ সময়তে আকস্মিকভাৱে ডাস্পাৰখনৰ চকাৰ তলত পৰি যায ডাস্পাৰখনৰ হেণ্ডিমেনজন ৷
ইয়াৰ পিচতে অতি গুৰুৰ্তৰভাৱে আঘাট প্ৰাপ্ত হোৱা হেণ্ডিমেনজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ য়োৱা হয় ৷ কিন্তু চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
উল্লেখ্য যে, স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি নিহত যুৱকজন ৰংজুলি শালপাৰাৰ পৱন বড়ো আৰু তেওঁৰ বয়স ৩০ বছৰ।