ETV Bharat / state

ছয়গাঁৱৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়িকা নন্দিতা দাসৰ - EtvBharatAssam

ছয়গাঁৱত সংঘটিত ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷

বিধায়িকা নন্দিতা দাস
author img

By

Published : Jun 10, 2019, 7:56 PM IST

ছয়গাঁও, 10 জুনঃ ছয়গাঁৱত সংঘটিত ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ ঈদৰ পবিত্ৰ ক্ষণত আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ নামত বিশেষ এটা সম্প্ৰদায়ৰ একাংশ বিকৃত মানসিকতাৰ লোকে সংঘটিত কৰা এই কাণ্ড সঁচাকৈয়ে নিন্দনীয় আৰু দোষীক শীঘ্ৰেই কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰকাশ কৰিছে বিধায়িকাগৰাকীয়ে ৷

অধিক পঢ়কঃ ছাত্ৰী নিৰ্যাতনৰ ঘটনাক লৈ উদ্বিগ্ন বিধায়িকা নন্দিতা দাস

Intro:যোৱা চাৰিদিন পূৰ্বে ছয়গাঁৱত সংঘটিত হৈছিল সভ্য সমাজক লজ্জাজনত কৰা এক জঘন্য ঘটনা। পৱিত্ৰ ঈদৰ উপলক্ষে এছাম দুষ্ট চৰিত্ৰৰ লোকে আয়োজন কৰিছিল সাংস্কৃতিক অনুষ্ঠান। সেই অনুষ্ঠানত শিল্পীৰ দলক উলংগ হৈ নৃত্য কৰিবলৈ বাধ্য কৰাইছিল একাংশ উন্মাদ দৰ্শকে। ইতিমধ্যেই এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিক্ৰিয়া প্ৰকাশ বকোৰ বিধায়ক নন্দিতা দাসৰ। এই জঘন্য ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। প্ৰসাশনৰ গাফিলটিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয় বিধায়িকাগৰাকীয়ে।তাৰোপৰি সাংস্কৃতিক অনুষ্ঠানটো আয়োজনৰ বাবে বহুদিনৰ পৰায়ে যোজা চলাই আছিল। তেন্তে স্থানীয় আৰক্ষীয়ে কিয় ঘটনাৰ উমান নাপালে বুলিও প্ৰশ্ন কৰে বিধায়িকাগৰাকীয়ে।ইফালে ঘটনাৰ উচিত তদন্ত কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাই বিধায়িকা নন্দিতা দাসে। এনে ঘটনাৰ যাতে পুণৰাবৃত্তি নহয় তাৰ বাবে সকলোকে সজাগ হ'বলৈ আহ্বান জনাই বিধায়িকাগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.