বকো, 13 ফেব্ৰুৱাৰীঃ আগন্তুক ২০২১ ৰ অসম বিধানসভা নিৰ্বাচন পূৰ্বেই বকোত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী হিংসা ৷ বকোত অসম জাতীয় পৰিষদৰ বেনাৰ পোষ্টাৰ ফালি পেলালে কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
2021 চনৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী ৷ নিৰ্বাচনী ৰণ কৌশল প্ৰস্তত কৰাত ব্যস্ত এতিয়া ৰাজনৈতিক দল-সংগঠন সমূহ ৷ যেন প্ৰাকনিৰ্বাচনীৰ এক শীতল যুদ্ধহে চলিছে ৰাজনৈতিক দল সমূহৰ মাজত ৷
বকোৰ পৰা ছমৰীয়ালৈ যোৱা ৰাজপথৰ কাষত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ বেনাৰ পোষ্টাৰ সমূহ কোনে ফালিলে ? এই দুস্কাৰ্যৰ লগত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে নেকি? এই প্ৰশ্নক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । এনে দুস্কাৰ্যৰ পৰা পৰৱৰ্তী সময়ত বিৰত থাকিবলৈ অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ মুখ্য আহ্বায়ক দীপজ্যোতি দাসে আহ্বান জনাইছে ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান