বকো,১৩ নৱেম্বৰ: ভূমিৰ স্বত্বাধিকাৰী হ'ল বকোৰ ৪০ গৰাকী ভূমিহীন খিলঞ্জীয়া। শুক্ৰবাৰে বকো ৰাজহ চক্ৰৰ এই হিতাধিকাৰীসকলৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে স্থানীয় বিধায়িকা নন্দিতা দাসে। বকো ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ভূমিৰ পট্টা প্ৰদান কৰা হয়।
এই অনুষ্ঠানত সভাপতিত্ব কৰে বকো ৰাজহ চক্ৰ বিষয়া দীপশিখা শইকীয়াই। ৪০ গৰাকী ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক মাটিৰ পট্টা প্ৰদান কৰা হয়। মাটিৰ পট্টা লাভ কৰাৰ পিছতে ইমান দিনে নিজাববীয়াকৈ মাটি নথকা এইসকল লোক আনন্দিত হৈ পৰিছে।
লগতে পঢ়ক:কলগাছিয়াৰ ইছবপুৰত মানাহ নদীৰ কালৰূপ