ETV Bharat / state

Boko Banana market: বকোৰ প্ৰায় 2000 থোক কল বহিঃৰাজ্যলৈ ৰপ্তানি - Assam News

অসমৰ উদ্যমী যুৱক-যুৱতীৰ বাবে সু-খবৰ ৷ অসমত উৎপাদিত কল বিহাৰলৈ ৰপ্তানি ৷ বহিঃৰাজ্যত চাহিদা লাভ অসমৰ কলৰ ৷

Boko Banana
বকোৰ প্ৰায় 2000 থোক কল বহিঃৰাজ্যলৈ ৰপ্তানি
author img

By

Published : Aug 6, 2023, 11:43 AM IST

নিউজ ডেস্ক, 6 আগষ্ট: অসমৰ উদ্যমী যুৱক-যুৱতীৰ বাবে সু-খবৰ ৷ ইটোৰ পাচত সিটোকৈ অসমৰ ফলমূলে বহিঃৰাজ্যত লাভ কৰিছে চাহিদা ৷ সু-স্বাদু ফলমূল খেতিয়কৰ বাবে এক আশাৰ ৰেঙণি ৷ কাৰণ বহু সসয়ত কৃষিপামত উৎপাদিত সামগ্ৰী কম দামতে বিক্ৰী কৰিব লগা হৈছে বহু উদ্যোগী যুৱকে ৷

কিন্তু অসমৰ কলৰ চাহিদা বৃদ্ধি পাইছে বহিঃৰাজ্যত ৷ তেজপুৰৰ লিচু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত, আনাৰসে ৰাষ্ট্ৰীয় পৰ্যায়ত চাহিদ বৃদ্ধৰ পাচত এইবাৰ অসমৰ কলে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ অসমত উৎপাদিত কল বিহাৰলৈ ৰপ্তানি হৈছে ৷ শুকুৰবাৰে পুৱা কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ৰাজাপাৰা অঞ্চলৰ গামেৰিমুৰা বজাৰৰ পৰা প্ৰায় 2000 থোক কল বিহাৰলৈ ৰপ্তানি কৰা হয় ।

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা কামৰূপ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ সহযোগত বকো পাইনাপল কৃষক উৎপাদন কোম্পানীৰ উৎপাদিত চেনিচম্পা কলৰ বাবে বজাৰ সংযোগ স্থাপন কৰা হয় । শনিবাৰৰ অনুষ্ঠানত কামৰূপ জিলা এপাৰ্টৰ তৰফৰ পৰা জিলা কৃষি বাণিজ্য সহায়ক দিবাকৰ মুহুদি, বকো পাইনাপল কৃষক উৎপাদন কোম্পানীৰ বিষয়ববীয়া ক্ৰমে সমল দাস আৰু সুবুল ৰাভাৰ লগতে বিহাৰৰ পৰা অহা ক্ৰেতাৰ দল এটি উপস্থিত থাকে।

অসমৰ বিভিন্ন জিলাত আনাৰস, কল, কমলা, কঁঠাল, তৰমুজ, বগৰীকে ধৰি অন্যান্য বহুতো ফলৰ খেতি কৰা হয়। ফলৰ উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক উৎসাহ যোগাবলৈ চৰকাৰে প্ৰতিখন জিলাৰ বাবে একোবিধ ফলক মুখ্য ফল হিচাপে ঘোষণা কৰিছে । কামৰূপ জিলাৰ বাবে নিৰ্বাচিত মুখ্য ফলবিধ হ'ল কল । কামৰূপ জিলাৰ একক জিলাৰ একক উৎপাদক (One District One Product) কলৰ বিহাৰলৈ ৰপ্তানি খবৰে আশাৰ বতৰা কঢ়িয়াইছে উদ্যমী যুৱক-যুৱতীলৈ ৷

লগতে পঢ়ক: 150 year old tree fell in Rangia: ৰঙিয়াত ডেৰশ বছৰীয়া গছ উভালি ব্য়াহত বিদ্যুৎ যোগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.