বকো, ৪ নৱেম্বৰ: অত্য়াৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য় নিয়ন্ত্ৰণৰ দাবীত বকোত ৰাজপথলৈ ওলাই আহিল মহিলা। জাতীয় মহিলা সেনাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি অদিতি কলিতাৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিওৱা হয়। বৃহস্পতিবৰীয়া বজাৰস্থিত জাতীয় মহিলা সেনাৰ কাৰ্যালয়ৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে।
মূল্যবৃদ্ধি ৰোধ কৰা, দক্ষিণ কামৰূপ জিলা বাহাল ৰখা আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে জাতীয় মহিলা সেনাই। এই সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা কামৰূপ জিলা উপায়ুক্তলৈ বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী মহিলাসকলে।
লগতে পঢ়়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত কাছসহ এজনক আটক