কামৰূপ, 14 ছেপ্তেম্বৰঃ বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন ৷ কিন্তু এইবেলি ক’ভিড 19 কাঢ়ি নিছে পূজাৰ সকলো উছাহ-উদ্দীপনা ৷ চৰকাৰে আনলক-4 ৰ সময়ছোৱাত কিছু শিথিলতা প্ৰদান কৰিছে যদিও প্ৰতিবৰ্ষৰ দৰে ধুম ধামেৰে অনুষ্ঠিত কৰা নহয় পূজা ৷ ইয়াৰ ফলত চৰম দুৰ্দশাৰ সন্মুখীন হৈছে মৃৎ শিল্পীসকল ৷ বিগত বৰ্ষসমূহৰ দৰে এইবেলি শিল্পীসকলে লাভ কৰা নাই পৰ্যাপ্ত অৰ্ডাৰ ৷
উল্লেখ্য যে,বাইহাটা চাৰিআলিৰ মনসা ভাণ্ডাৰে প্ৰতিবছৰে 200ৰ পৰা 250 খনকৈ পূজা মণ্ডপৰ বাবে প্ৰতিমা নিৰ্মানৰ অৰ্ডাৰ লাভ কৰে ৷ কিন্তু এইবেলি বিশ্বকৰ্মা পূজাৰ লগতে দূৰ্গা পূজাৰো প্ৰতিমা নিৰ্মাণৰ বাবে তেনেই তাকৰ সংখ্যক অৰ্ডাৰ লাভ কৰিছে প্ৰতিষ্ঠানখনে ৷ যাৰ ফলত মনসা ভাণ্ডাৰৰ ১২ জনকৈ কৰ্মচাৰী সম্প্ৰতি চিন্তিত হৈ পৰিছে ৷ কেৱল প্ৰতিমা নিৰ্মাণ কৰিয়েই নিজৰ পৰিয়াল পোহপাল দিয়া এইসকল কৰ্মচাৰীক কৰ’ণা মহামাৰীয়ে বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে ৷
লগতে পঢ়ক-অধিকাৰ সুৰক্ষাৰ দাবীৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ