বাইহাটা,10এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ব'হাগ অহাৰ বতৰা পায় আনন্দত মতলীয়া হৈ পৰিছে অসমীয়া ডেকা-গাভৰু । ব্যস্ততা বাঢ়িছে সমগ্ৰ ৰাজ্যত ৷ ইপিনে,ব'হাগত এপাক কঁকাল ঘূৰাই নাচিবৰ মনেৰে দিনে নিশাই ডেকা-গাভৰু ব্যস্ত বিহুৰ আখৰাত ।
কিন্ত তাৰ মাজতে বাইহাটা চাৰিআলিৰ আঠিয়াবৈ গাঁৱত দেখা পোৱা গ'ল এক ব্যতিক্ৰমী প্ৰচেষ্টা । আঠিয়াবৈৰ এক বেচৰকাৰি সংস্থা "প্ৰত্যাষা"এ এই বিহুৰ বিহুৰ বতৰত বাইহাটা চাৰিআলি অঞ্চলৰ ভিন্ন প্ৰান্তৰ বিশেষ ভাৱে সক্ষম যুৱক-যুৱতীক লৈ চলাইছে বিহুৰ প্ৰশিক্ষণ । ইয়াকে লৈ আনন্দিত হৈ পৰিছে বিশেষ ভাৱে সক্ষম যুৱক-যুৱতীসকলো ৷ আনহাতে সংস্থাটোৰ এই প্ৰচেষ্টাক শলাগ লৈছে বাইহাটা চাৰিআলিৰ ৰাইজেও ৷
লগতে পঢ়ক:লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল