ETV Bharat / state

বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা - নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটী

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়াত উপস্থিত হয় ভূপেন কুমাৰ বৰা । মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু উজিৰৰ টোলত উপস্থিত হৈ আশিস লয় কংগ্ৰেছ সভাপতিগৰাকীয়ে । লগতে বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটীৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানতো তেওঁ অংশ লয় ।

BHUPEN BORA AT BIHPURIA
বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা
author img

By

Published : Aug 18, 2021, 6:56 PM IST

বিহপুৰীয়া, ১৮ আগষ্ট: কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু ৰাজ্যৰ সকলো প্ৰান্ততে দলৰ বৰ্তমানৰ জনপ্ৰিয়তা কিমান আৰু ৰাইজৰ কাষ চাপিবলৈ দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কেনেদৰে কাম কৰিছে সেই বিষয়ে বুজ লোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা এলানি ভ্ৰমণসূচীৰ আৰম্ভ কৰিছে । বুধবাৰে বিহপুৰীয়াৰ পৰা তেওঁ এই ভ্ৰমণৰ শুভাৰম্ভণি কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়াত উপস্থিত হয় ভূপেন কুমাৰ বৰা । মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু উজিৰৰ টোলত উপস্থিত হৈ সেৱা জনায় বৰাই ।

মাধৱদেৱৰ জন্মস্থানৰ পৰা ৰাজ্যজুৰি ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা তেওঁ ঘোষণা কৰে । বুধবাৰে তেওঁ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটীৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানতো তেওঁ অংশ লয় । দলীয় কৰ্মীসকলে নৱনিযুক্ত সভাপতিগৰাকীক সম্বৰ্ধনা জনায় । কংগ্ৰেছে দলে শেহতীয়াকৈ সন্মুখীন হোৱা জটিল পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে, দলে পূৰ্বে ইয়াতকৈও অধিক জটিল পৰিস্থিতিৰে মোকাবিলা কৰি ৰাইজৰ সমৰ্থন লাভ কৰিছিল ।

বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

১৯৯৬ চনৰ কথা সুঁৱৰি তেওঁ কয় যে, তেওঁ সেই সময়ত যুৱ কংগ্ৰেছৰ সভাপতি আছিল আৰু তেতিয়া গ্ৰামাঞ্চলত অনুষ্ঠিত সভাত ২০-২৫ জন লোক সমবেত হৈছিল । কিন্তু পৰ্যায় ক্ৰমে ৰাইজে কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়াৱলৈ আৰম্ভ কৰে ।

ইফালে, বিহপুৰীয়া সমষ্টিত কংগ্ৰেছৰ নেতাক ৰাইজে বিধায়ক হিচাপে আঁকোৱালি নোলোৱা সন্দৰ্ভত তেওঁ কয় যে, ৰাইজে ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু আন দলৰ বিধায়কে সমষ্টিৰ উন্নয়নৰ বাবে যদি কাম কৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই । তেওঁ কেৱল সমষ্টিৰ উন্নয়ন হোৱাটো বিচাৰে বুলি মন্তব্য কৰে । আনহাতে, অসম জাতীয় পৰিষদৰ লগত মিত্ৰতাৰ প্ৰাৰম্ভিক আলোচনা আৰম্ভ হোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে, তেওঁৰ অসম ভ্ৰমণ কাৰ্যসূচী অন্ত পৰাৰ পিছত দলৰ নীতি প্ৰস্তুত বৈঠকত এই বিষয়ে আলোচনা কৰা হ'ব ।

লগতে পঢ়ক:কলগাছিয়াত অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী ছীল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.