আজাৰা, 1 নৱেম্বৰ: অৱশেষত JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত পলাতক ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ বৰঝাৰ বিমান বন্দৰত । SG-285 নম্বৰ স্পাইছ জেট বিমানযোগে বেংককৰ পৰা দিল্লী হৈ সংগোপনে গুৱাহাটীলৈ অহাৰ খবৰ পাই, গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে আৰক্ষীৰ এটা দলে বিমান বন্দৰতে গ্ৰেপ্তাৰ কৰে ভাৰ্গৱ ডেকাক ।
JEE কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পৰাই গ্ল'ৱেল ইডুলাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা পলাতক অৱস্থাত আছিল । ভাৰ্গৱ ডেকাৰ গ্ৰেপ্তাৰৰ পাচত JEE কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা । ইতিমধ্যে গ্ল'ৱেল ইডুলাইটৰ এগৰাকী কৰ্মচাৰী কাকলি বুজৰবৰুৱাক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজাৰা থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । বৰ্তমান ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ আজাৰা আৰক্ষী থানাত অব্যহত ৰাখিছে সোধ-পোছ । গ্ৰেপ্তাৰৰ মুঠ সংখ্যা হ'লগৈ ৭ জন ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ গৃহ চহৰত কংগ্ৰেছৰ ৰণ ডংকা