ৰঙিয়া, ৮ ডিচেম্বৰ: কৃষি আইনৰ বিৰোধিতাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে ৰঙিয়াত । মঙলাবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ বন্ধৰ আহ্বান জনোৱা হৈছিল । বন্ধৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বৰে পৰা অৰ্থাৎ পুৱাৰে পৰা ৰঙিয়াত দোকান-পোহাৰ বন্ধ হৈ থাকে । যানবাহন চলাচলো প্ৰায় স্তব্ধ হৈ পৰে ।
বন্ধৰ ফলত প্ৰয়োজনীয় কামৰ বাবে আন ঠাইলৈ যাত্ৰা কৰিবলগীয়া লোকসকলেও ঘৰমুৱা হ'বলগীয়া হয় । আনহাতে, কৃষি আইন বাতিলৰ দাবীত দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়াই অসমৰ বিভিন্ন দল-সংগঠনৰ উপৰিও একাংশ ৰাইজে আজিৰ ভাৰত বন্ধ সফল কৰি তুলিবলৈ প্ৰয়াস কৰে ।
লগতে পঢ়ক:যোৰহাটত ভাৰত বন্ধৰ ব্য়াপক প্ৰভাৱ