ETV Bharat / state

ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ 'বানেশ্বৰ দেৱ শৰ্মা বঁটা' - প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা

শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ আগবঢ়োৱা হ'ল "প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা" বঁটা । দেওবাৰে ৰঙিয়াৰ শ্বহীদ কৃষক ভৱনত আয়োজিত ৰাজ্যিক কৃতী বঁটা প্ৰদান অনুষ্ঠানত শিক্ষকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় । শিক্ষক দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাতো বিশেষ অনুষ্ঠান ৷

Baneswar Sarma award to Satish Chandra Chutia
ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ বানেশ্বৰ দেৱ শৰ্মা বঁটা
author img

By

Published : Sep 6, 2021, 10:20 AM IST

ৰঙিয়া, ৬ ছেপ্তেম্বৰ : বিগত দুটা বছৰ ধৰি ৫ ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসত এগৰাকীকৈ কৃতী শিক্ষকক সন্মানিত কৰি আহিছে সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে । এইবেলি সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে ডিব্ৰুগড়ৰ বামুণবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ আগবঢ়াইছে "প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা" বঁটা ।

দেওবাৰে ৰঙিয়াৰ শ্বহীদ কৃষক ভৱনত আয়োজিত ৰাজ্যিক কৃতী বঁটা প্ৰদান অনুষ্ঠানত শিক্ষকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় । আনহাতে, শিক্ষক দিৱস উপলক্ষে সংস্থাটোৱে ৰাজ্যিক ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাত টিহু-পাটাছাৰকুছিৰ সীমান্তৰ কণীমাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰিকিৰাজ কলিতাই শ্ৰেষ্ঠ বঁটা লাভ কৰে ।

Baneswar Sarma award to Satish Chandra Chutia
ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাত বিশেষ অনুষ্ঠান

চুটি ছবি নিৰ্মাণৰ প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ জামুগুৰিৰ 'অপৰাহ্নৰ ৰং' নামৰ ছবিখনক শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয় । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী । লগতে উপস্থিত থাকে ৰঙিয়াৰ কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তি ।

শিক্ষক দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । বেংকৰ মেনেজাৰ ৰিপুঞ্জয় তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত বেংকৰ কৰ্মচাৰীসকলৰ লগতে কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে বৰ্তমানেও বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত হৈ থকা শিক্ষকসকলে অংশগ্ৰহণ কৰে ।

শিক্ষকক সম্বৰ্ধনা

শিক্ষকসকলক বেংকৰ কৰ্মচাৰীসকলৰ লগতে মেনেজাৰ ৰিপুঞ্জয় তালুকদাৰে ফুলাম জাপি, গামোচা আৰু একোখন গ্ৰন্থ আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰে । এই অনুষ্ঠানটোত বেংকৰ কৰ্মচাৰীসকলে শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰে । শিক্ষকসকলে ভাষণ প্ৰসংগত নিজৰ কৰ্ম জীৱনৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বলাই ওজাক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.