ৰঙিয়া,18 জুন : ৰঙিয়াৰ সমীপৰ তুলসীবাৰীত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং। নৈখনৰ দুয়ো পাৰৰ প্ৰায় কুৰিখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন উটি যোৱাত নানান সমস্যাত পৰিছে অঞ্চলটোৰ জনসাধাৰণ ।
বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দান বৰঙণি তুলি নিৰ্মাণ কৰিছিল বাঁহৰ দলংখন । দলংখনৰে অঞ্চলটোৰ জনসাধাৰণে তুলসীবাৰী আৰু কাউবাহাৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল । মঙ্গলবাৰে পুৱতি নিশা দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত দুচিন্তাত পৰিছে বৃহত্তৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজ । মৰণক শৰণ কৰি টুলুঙা নাৱেৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে । টুলুঙা নাৱেৰে যাতায়ত কৰোতে নাৱৰ পৰা পৰি বহু কেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হয় । স্বাধীনতাৰ 72 বছৰ পাচতো তুলসীবাৰীৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ ওপৰত পকী দলং নিৰ্মাণ নহ'ল । চৰকাৰক কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিছত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী টোপ হিচাপে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই আধাৰশিলা স্থাপন কৰিছিল যদিও আজিকোপতি দলংখনৰ 1% কামো সম্পূৰ্ণ নহ'ল বুলিও স্থানীয় লোকে প্ৰকাশ কৰে । বছৰে বছৰে ৰাইজে নিজেই দান বৰঙণি আগবঢ়াই দলংখন নিৰ্মাণ কৰি উলিয়াই । কিন্তু হঠাৎ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰাত দুৰ্ভোগ ভুগিছে জনসাধাৰণে । ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যথাবিহিত ব্যৱস্থা লবৰ বাবে চৰকাৰৰ ওচৰত জনসাধাৰণে দাবী জনাইছে ।