বাইহাটা, 17 ফেব্ৰুৱাৰী : ড৹ বাণীকান্ত কাকতি মেধাৱী বঁটা প্ৰাপ্তিৰ পৰা বঞ্চিত একাংশ মেধাৱী ছাত্ৰীয়ে বাইহাটা চাৰিআলিত বুধাবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ২০১৮/১৯ বৰ্ষৰ একাংশ ছাত্ৰীয়ে ড৹ বাণীকান্ত কাকতি মেধাৱী বঁটাৰ অধীনত স্কুটি লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷
হাতে হাতে প্লে'কাৰ্ড লৈ বাইহাটা চাৰিআলিৰ বিভিন্ন মহাবিদ্যালয়ৰ কুৰিৰো অধিক ছাত্ৰীয়ে উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদস্থলীত সাংবাদিকক সম্বোধন কৰি ছাত্ৰীসকলে কয়, স্কুটি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে ৷ গতিকে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰি সকলো মেধাৱী ছাত্ৰীকে স্কুটি প্ৰদান কৰিবলৈ দাবী জনায় ছাত্ৰীসকলে ৷
উল্লেখ্য যে, যদি তেওঁলোকে স্কুটি লাভ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ছাত্ৰীসকলে ৷