ETV Bharat / state

মান্দাকাটা বাগানকাণ্ডৰ খলনায়কক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

author img

By

Published : Sep 10, 2019, 6:44 PM IST

বাইহাটা চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত মান্দাকাটা বাগানত ফুৰিবলৈ যোৱা এহাল যুৱক-যুৱতীৰ ওপৰত পাশৱিক অত্যাচাৰ চলাইছিল কেইটামান উদণ্ড লোকে ৷ অৱশেষত আৰক্ষীৰ জালত পৰিছে উক্ত কাণ্ডৰ লগত জড়িত থকা মুল অভিযুক্ত ইফটিকাৰ হুছেইন ৷

মান্দাকাটা বাগানকাণ্ডৰ খলনায়কক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

বাইহাটা চাৰিআলি, 10 ছেপ্তেম্বৰঃ বিগত 25 আগষ্টত বাইহাটা চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত মান্দাকাটা বাগানত সংঘটিত হৈছিল নৃশংস কাণ্ড ৷ বাগানলৈ বুলি ফুৰিবলৈ যোৱা এহাল যুৱক-যুৱতীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে ৰাজপথৰ ওপৰতে মাৰধৰ কৰিছিল কেইজনমান উন্মাদ লোকে ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উক্ত কাণ্ডৰ সৈতে জড়িত থকা মুল অভিযুক্তক ৷

মুল অভিযুক্ত ইফটিকাৰ হুছেইন

বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ লগত জড়িত থকা মুল অভিযুক্ত ইফটিকাৰ হুছেইনক ৷ এই ইফটিকাৰ হুছেইনৰ নেতৃত্বতে সংঘটিত হৈছিল মান্দাকাটা কাণ্ড ৷ যুৱক-যুৱতীহালক পাশৱিক অত্যাচাৰ চলোৱাৰ লগতে ৰাজপথৰ ওপৰতে যুৱতীগৰাকীৰ গাৰ কাপোৰ ফালি দিছিল এইগৰাকী ইফটিকাৰ হুছেইনে ৷

মান্দাকাটা বাগান কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত আৰক্ষীৰ প্ৰতিক্ৰিয়া

অৱশেষত বাইহাটা আৰক্ষীয়ে বিগত নিশা চাংসাৰি থানাৰ অন্তৰ্গত জলাহ ভাঙুৰি চুবাৰ পৰা গ্ৰেপ্তাৰ কৰে ইফটিকাৰ হুছেইনক ৷ নিৰ্লজ ইফটিকাৰ হুছেইনে ঘটনা সন্দৰ্ভত প্ৰথমে মিছা মাতে যদিও পৰৱৰ্তী সময়ত কেমেৰাৰ সন্মুখতে ঘটনাৰ সত্যতা স্বীকাৰ কৰে ৷ ইতিমধ্যে বাইহাটা আৰক্ষীয়ে ভুক্তভোগীৰ গোচৰৰ ভিত্তিত ইফটিকাৰক আটক কৰি গোচৰ ৰুজু কৰিছে ৷ আনহাতে ঘটনাৰ লগত জড়িত থকা অন্যান্যসকলৰ সন্ধান অব্যাহত ৰাখিছে বাইহাটা চাৰিআলি আৰক্ষীয়ে ৷

Intro:Baihata Moral Police 1 Arrest
V/O:---বাইহাটা আৰক্ষীৰ জালত মান্দাকাটা বাগানত সংঘটিত হৈ যোৱা মৰেল পুলিচিং কাণ্ডৰ মূল খলনায়ক । যোৱা ২৫ আগষ্টত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটা বাগানত ফুৰিবলৈ যোৱা এহাল যুৱক যুৱতীৰ ওপৰত আশুৰিক আক্ৰমন চলাইছিল কেইজনমান উন্মাদ লোকে । ৰাজপথৰ ওপৰতে মাৰধৰ কৰিছিল যুৱক যুৱতী হালক । ইমনতো শান্ত নাথাকি যুৱতী গৰাকীৰ গাৰ কাপোৰ পৰ্য্যন্ত গুচাই দিছিল উন্মাদ দলটোৱে । এই কথা স্বীকাৰ কৰিছে বাইহাটা আৰক্ষীয়ে নিশা চাংসাৰি থানাৰ অন্তৰ্গত জলাহ ভাঙুৰি চুৱাৰ পৰা আটক কৰা ঘটণাৰ মুল খলনায়ক ইফটিকাৰ হুছেইনে । সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে বাইহাটা আৰক্ষীয়ে অভিযান চলাই ইফটিকাৰ হুছেইনক আটক কৰে যদিও ঘটণাৰ লগত জড়িত বাকীবোৰ বৰ্তমান পলাতক ।
বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.