বাইহাটা, 24 জুনঃ বাইহাটা চাৰিআলিত লাভ জেহাদৰ ঘটনা । মুছলমান সম্প্ৰদায়ৰ যুৱক এজনে হিন্দুৰ নাম লৈ এগৰাকী কিশোৰীক প্ৰেমত পেলাই চেষ্টা কৰিছিল পলুৱাই নিয়াৰ । বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মহাজানপাৰা গাৱত শ্ৰমিক হিচাপে পথ নিৰ্মানৰ কাম কৰিবলৈ আহিছিল ইনামুল হক নামৰ এজন ইছলাম ধৰ্মী যুৱকে । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰানজানা গাঁৱৰ ইনামুলে ৰাজ ওৰফে ভাইটি নামেৰে প্ৰেমত পেলাইছিল এগৰাকী ১৫ বছৰীয়া কিশোৰীক । অকল সিমানতে আৱদ্ধ নাথাকি ইনামুলে পলুৱাই লৈ যায় কিশোৰী গৰাকীক । কিশোৰী গৰাকীক পলুৱাই নিয়া সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বাইহাটা চাৰিআলিৰে ভমোলাহাটী গাৱত আত্ম গোপন কৰি থকা অৱস্থাত কিশোৰী গৰাকীৰে সৈতে ইনামুল হকক আটক কৰিবলৈ সক্ষম হয় ।
শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত এনে লাভ জেহাদৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সকলোকে ।