বাইহাটা চাৰিআলি, 27 ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিৰ কৰৰাত মুক্তিযুজাৰু তথা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ কৰা হয় ৷ এই সম্পৰ্কত অনুষ্ঠিত এক কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ স্থানীয় বিধায়ক সত্যব্ৰত কলিতা ৷ অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন বিধায়ক তথা মুক্তি যুঁজাৰু গৰাকীৰ নামত এটি পথৰ নামাকৰণ কৰাৰ বাবে অসম চৰকাৰ আৰু মুক্তি যুজাৰু সন্মিলনীক ধন্যবাদ জনোৱাৰ লগতে নতুন বিটিএডি নিৰ্বাচন আৰু নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন সম্পৰ্কত সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে স্থানীয় বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়কঃ