ETV Bharat / state

প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা - দলীয়কৰণ কৰাৰ অভিযোগ

বাইহাটা চাৰিআলিত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা বিজেপি দলৰ দলীয় সদস্যৰ ৷

Baihata Arunoday scandle
প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা
author img

By

Published : Nov 5, 2020, 12:26 PM IST

বাইহাটা,5 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুনোদয় আঁচনিকলৈ চলি আছে ব্যাপক দুৰ্নীতি ৷ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত দলীয়কৰণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ প্ৰান্তে প্ৰান্তে ক্ষোভিত মহিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ এইবাৰ বাইহাটা চাৰিআলিটো অৰুনোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ হিতাধিকাৰীয়ে পূৰণ কৰা প্ৰ-পত্ৰত বগা ৰং ঘহাই আনৰ নাম সন্নিবিষ্ট কৰাক লৈ তীব্ৰ প্ৰতিবাদ জটীয়া ভাংৰা গাঁও পঞ্চায়তত । পঞ্চায়ত খনৰ বহু কেইটা ওৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা । যাৰ বাবে হিতাধিকাৰী সকলে ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ ।

প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা

প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি দলীয় সদস্যৰ পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ক্ষোভিত মহিলাৰ । পঞ্চায়ত খনত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কমলপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকী উপস্থিত হৈ সকলো বুজ লৈ এনে কাৰ্য্যৰ বিষয়ে উপায়ুক্ত গৰাকীক অৱগত কৰাৰ লগতে তদন্ত কৰাৰ কথা উল্লেখ কৰে ।
লগতে পঢ়ক: জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.