ETV Bharat / state

কৰ'ণা ভাইৰাছঃ ৰঙিয়া মহকুমা প্ৰশাসনৰ সজাগতা অভিযান

author img

By

Published : Mar 18, 2020, 6:30 PM IST

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগ হৈছে ৰঙিয়া মহকুমা প্ৰশাসন ৷ বুধবাৰে কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথৰ সৈতে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ক্ষেত্ৰ নিৰীক্ষণ কৰে ৷ ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবা, ৰেষ্টোৰাসমূহতো কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ব‍্যৱস্থা লোৱা হৈছে নে নাই এই বিষয়েও পৰ্যবেক্ষণ কৰে মহকুমা প্ৰশাসনে ৷ লগতে কৰ'ণা ভাইৰাছ সন্দৰ্ভত এখন সজাগতা সভাও অনুষ্ঠিত কৰে ৷

ৰঙিয়া মহকুমা প্ৰশাসনৰ সজাগতা অভিযান
ৰঙিয়া মহকুমা প্ৰশাসনৰ সজাগতা অভিযান

ৰঙিয়া, 18 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ আতংকই চানি ধৰিছে সমগ্ৰ বিশ্ব । ৰঙিয়া মহকুমা প্ৰশাসনেও মাৰাত্মক কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা অৱলম্বন কৰিছে ৷ ৰঙিয়াৰ ট্ৰাক পাৰ্কিঙত ৰৈ থকা বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনসকলৰ বাবে ল’বলগীয়া সাৱধানতাৰ বিষয়ে আলোচনা কৰিছে ৰঙিয়া প্ৰশাসনে । এইসকল লোকৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য বুধবাৰে কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথৰ সৈতে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ক্ষেত্ৰ নিৰীক্ষণ কৰে। ইয়াৰ উপৰিও তেওঁলোকে ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবা, ৰেষ্টোৰাসমূহতো কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ব‍্যৱস্থা লোৱা হৈছে নে নাই এই বিষয়ে পৰ্যবেক্ষণ কৰে। যদি কোনো হোটেল-ধাবাৰ স্বত্বাধিকাৰীয়ে মহকুমা প্ৰশাসনৰ নিৰ্দেশ মানি লোৱা নাই তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে । ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, দণ্ডাধীশ আৰু চিকিৎসকে ইতিমধ্যে ৰঙিয়াৰ হোটেল-ধাবাসমূহত গৈ সজাগতা অভিযান আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত ধাবা, হোটেলৰ স্বত্বাধিকাৰীসকলৰ সৈতে উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথসহ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে কৰ'ণা ভাইৰাছ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে ৷

ৰঙিয়া মহকুমা প্ৰশাসনৰ সজাগতা অভিযান
লগতে পঢ়কঃ শিৱসাগৰত কৰ'ণা ভাইৰাছৰ বাবে সজাগতা অভিযান শিক্ষকসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.