ETV Bharat / state

ভুলৰ ক্ষমা বিচাৰি সাংবাদিকৰ সৈতে মত বিনিময় অতুল বৰাৰ

author img

By

Published : Dec 31, 2020, 9:41 AM IST

Updated : Dec 31, 2020, 11:02 AM IST

মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় অতুল বৰাৰ ৷ বিগত বছৰত অসম গণ পৰিষদ দলটোৱে কৰি অহা কেতবোৰ ভুলৰ বাবে ৰাইজৰ আগত ক্ষমা বিচাৰিলে ৷

Atul Bora pressmeet atAGP head office
বিগত বছৰত কৰা ভুলৰ ক্ষমা বিচাৰি সাংবাদিকৰ সৈতে মত বিনিময় অতুল বৰাৰ

কামৰূপ, 31 ডিচেম্বৰ: বুধবাৰে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত সাংবাদিক সকলৰ সৈতে বৈঠকত মিলিত হ'ল অগপৰ নেতা কৰ্মী সকলে ৷ মহানগৰীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাই সাংবাদিক সকলৰ লগত মত বিনিময় কৰি অসম গণ পৰিষদ দলটোৱে পূৰ্বতে কৰি অহা কেতবোৰ ভুলৰ বাবে ৰাইজৰ আগত ক্ষমা বিচাৰিলে ৷ যোৱাতো বছৰ সকলোৰে বাবে বেয়া আছিল গতিকে আহি থকা বছৰটো যাতে সকলোৰে বাবে ভাল হয় তাৰ বাবে শুভেচ্ছাও জ্ঞাপন কৰে ৷

যোৱাতো বছৰত দলটোৱে বহুতো ভুল কৰিছে,ৰাজ্যবাসীৰ ওচৰত সেই ভুলৰ ক্ষমা বিচাৰি অতুল বৰাই কয় যে,2021 বছৰতো অগপৰ বাবে ভাল আৰু গুৰুত্বপূৰ্ণ বছৰ ৷ আগন্তুক দিনত দলটোৱে ভাল ফলাফল দেখুৱাব বুলি আশাবাদী ৷ ইতিমধ্যে দলৰ নেতা সকলে দলটোক জনমুখী কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সভাখনত অগপ সভাপতি অতুল বৰা,উপ সভাপতি কেশৱ মহন্ত,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ফণী ভূষণ চৌধুৰীকে প্ৰমুখ্য কৰি দলটোৰ আন আন বিষয় ববীয়া সকলৰ লগতে কৰ্মকতা সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: চাপৰত আৰক্ষীৰে তীব্ৰ বাক-বিতণ্ডা প্ৰতিবাদী যুৱ-কংগ্ৰেছীৰ

Last Updated : Dec 31, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.