বাইহাটা, 21 মে’: বাইহাটা আৰক্ষীৰ বৃহৎ সফফলতা ৷ বৃহস্পতিৰে নিশা আৰক্ষীয়ে আটক কৰে 4জনকৈ ধৰ্ষণকাৰীক ৷ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এগৰাকী ভুক্তভোগী যুৱতীক ৷
ৰাজ্যত নৈশ সান্ধ্য আইন চলি থকাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্ট চক্ৰৰ লোকে । এগৰাকী মহিলাক নৈশ সান্ধ্য আইনৰ সময়তে চাৰিজন পাষণ্ডই দলবদ্ধ ভাবে ধৰ্ষণৰ চেষ্টা চলাইছিল কামৰূপৰ কমলপুৰ থানাৰ অন্তৰ্গত বাইহাটাত ।
প্ৰাপ্ত তথ্য অনুসৰি, এ এছ ২৫ ইচি ৫০৭২ নম্বৰৰ কণ্টেনাৰ বাহনৰ চালক আৰু হেণ্ডিমেনৰ লগতে ইগনিটৰ নামৰ মটৰ চাইকেলত অহা দুজন যুৱকে বাইহাটাৰ এগৰাকী মহিলাক জোৰ কৰি কণ্টেনাৰ বাহন খনত উঠাবৰ চেষ্টা চলাই থকা সময়তে আৰক্ষীৰ হাতত ধৰা পৰে ।
বাইহাটা চাৰিআলিৰ আলিপুব গাঁৱৰ পবন ডেকা (৩০), মুকালমুৱাৰ ব্ৰজেন দাস (৩০), বোকাখাটৰ আমটঙা গাঁৱৰ শোনিত কুতুম(২৬) আৰু খটখটিৰ টেৰন বস্তিৰ ডেনিয়েল তাচা(২৬) নামৰ যুৱক চাৰিজনক আটক কৰে আৰক্ষীয়ে ৷
আনহাতে, আৰক্ষীয়ে ভুক্তভোগী মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে যুৱক কেইজনৰ বিৰুদ্ধে ৭১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: কৰ’ণাই আৰ্থিক অনাটনৰ মাজলৈ ঠেলিছে মজলীয়া খণ্ডৰ ব্যৱসায়ীক