ETV Bharat / state

CAA বিৰোধিতাৰে মহানগৰীত আছুৰ বৃহৎ প্ৰতিবাদী সমদল - ASSU protest against CAA at guwahati

নাগৰিকত্ব সংশোধনী আইনক বাতিলক লৈ সদৌ অসম ছাত্ৰ সন্থাই শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰ সন্থাৰ নেতৃত্বত শ্বহীদ ন্যাসৰ পৰা চান্দমাৰীলৈ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল ৷

ASSU protest against CAA at guwahati
নাগৰিকত্ব সংশোধনী আইনক বাতিলক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jan 11, 2020, 11:37 PM IST

গুৱাহাটী , 11 জানুৱাৰী : সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে ৰাজ্যত অব্যাহত আছে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত মহানগৰীৰ শ্বহীদ ন্যাসৰ পৰা চান্দমাৰীলৈ বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত চৰকাৰ বিৰোধী শ্ল'গান আৰু নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব ধ্বনিৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ ৷ আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ স্পষ্ট মত এই আইন বলবৎ হ'লেও কেতিয়াও মানি নলয় অসমৰ ৰাইজে । অসমত অহিংস প্ৰতিবাদ চলি যোৱাৰ লগতে অসমৰ ৰাইজক ভাগি নপৰিবলৈ আহ্বান সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ । পৰৱৰ্তী পৰ্যায়ত নিৰবিছিন্ন গণতান্ত্ৰিক আন্দোলন চলি থাকিব বুলিও মত প্ৰকাশ কৰে ভট্টাচাৰ্যই ।

নাগৰিকত্ব সংশোধনী আইনক বাতিলক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

আৰু পঢ়ক : মুণ্ডন কাৰ্যসূচীৰে CAAৰ বিৰোধিতাৰে মহিলাৰ প্ৰতিবাদ

Intro:সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত শ্বহীদ ন্যাসৰ পৰা চান্দমাৰীলৈ বৃহৎ প্ৰতিবাদী দল। নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে সমগ্ৰ অসমত বিৰাজ কৰিছে চেপা উৎকণ্ঠাই। শনিবাৰে পুৱাৰে পৰা বিভিন্ন স্থান আৰু বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ চলাই থকাৰ মাজতে আছুৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয় মহানগৰীৰৰ শ্বহীদ ন্যাসৰ পৰা। আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত চৰকাৰ বিৰোধী শ্লোগান আৰু কা কেতিয়াও মানি1 লোৱা নহয় ধ্বনিৰে উত্তাল হল মহানগৰীৰ ৰাজপথত।

Body:আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ স্পষ্ট মত এই কা বলবৎ হলেও কেতিয়াও মানি নলয় অসমৰ ৰাইজে। লগতে তেওঁ কয় যে অসমত অহিংস প্ৰতিবাদ চলি যোৱাৰ লগতে অসমৰ ৰাইজক ভাগি নপৰিবলৈ আহ্বান সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ। কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সমৰ্থনত চূড়ান্ত অন্যায় ৰাজত্ব চুড়ান্ত প্ৰতাৰনাৰ ৰাজত্ব নামানে অসমৰ ৰাইজে এই কথা কলে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। পৰৱৰ্তী পৰ্য্যায়ত নিৰবিছিন্ন গণতান্ত্ৰিক আন্দোলন চলি থাকিব অসমত এই কথাও কলে উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

Conclusion:অসমৰ ৰাইজৰ প্ৰতিবাদ আৰু 860 জন শ্বহীদৰ তেজৰ মূল্যৰ এতিয়া সাৰ্থকতা কত অসমৰ ৰাইজে সেয়া কেনেকৈ বুজিব। কোনে , কিয় আৰু কাৰ বাবে এই নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰা হৈছে। কাৰ লাভ বা লোকচান জড়িত হৈ থাকিব এই আইনৰ সৈতে সেয়া যেন এক সাঁথৰত পৰিণত হৈছে। অসমীয়া ৰাইজে এনেদৰে গণতান্ত্ৰিক আন্দোলন আৰু কিমান কৰিব এই আইনৰ বিৰুদ্ধে, নে চৰকাৰৰ আগত এনেকৈয়ে ৰাজপথত মানুহৰ হিয়া ভঙা চিঞৰ বোৰ তুচ্ছ হৈ ৰব অনাগত দিনত পৰিলক্ষিত হব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.