ETV Bharat / state

অসমত নতুনকৈ স্থাপন হ'ব দুখনকৈ চিৰিয়াখানা - assam to get two new zoo

এতিয়াৰে পৰা আৰু চিৰিয়াখানা চাবলৈ আপুনি গুৱাহাটীলৈ নাহিলেও হ'ব ৷ কাৰণ উজনি অসম আৰু বৰাক উপত্যকাত অচিৰেই নিৰ্মাণ কৰা হ'ব দুজন চিৰিয়াখানা ৷ 2021-22 বিত্তীয় বাজেটত উল্লেখ কৰা হৈছে এই কথা ৷

assam-to-get-two-new-zoo-in-dibrugarh-and-barak-valley
অসমত নতুনকৈ স্থাপন হ'ব দুখনকৈ চিৰিয়াখানা
author img

By

Published : Jul 16, 2021, 11:05 PM IST

গুৱাহাটী,16 জুলাই: বহু কল্পনা-জল্পনাৰ অন্তত অৱশেষত শুকুৰবাৰে বিধানসভাত অসম বাজেট 2021-22 বৰ্ষ দাখিল কৰিলে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ পূৰ্বতকৈ কিছু পৃথক এই বাজেটখনক মমতাময়ী আখ্যা দিছে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ বাজেটত উল্লেখ কৰা অনুসৰি উজনি অসমৰ ডিব্ৰুগড়ত আৰু বৰাক উপত্যকাৰ শিলচৰত স্থাপন হ'ব দুখনকৈ নতুন চিৰিয়াখানা ৷ কেৱল চিৰিয়াখানাই নহয়,এই দুয়োখন প্ৰস্তাৱিত চিৰিয়াখানাৰ সৈতে থাকিব উদ্ভিদ উদ্যানো ৷

assam-to-get-two-new-zoo-in-dibrugarh-and-barak-valley
অসমত নতুনকৈ স্থাপন হ'ব দুখনকৈ চিৰিয়াখানা

উল্লেখ্য যে,ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে বিধানসভাত দাখিল কৰা 2021-22 বিত্তীয় বৰ্ষৰ বাজেট খনত বিভিন্ন দিশৰ লগতে বন সংৰক্ষণৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ সেই অনুসৰি গোৱালপাৰাৰ অজগৰ বনাঞ্চলক অচিৰেই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে ৰাজ্যৰ দুয়োটা উপত্যকাত দুখন চিৰিয়াখানা মুকলি কৰাৰ হ'ব বুলি বাজেটত উল্লেখ কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে ৷ বিত্তমন্ত্ৰীৰ এনে ঘোষণাই স্বাভাৱিকতেই উৎসাহিত কৰিছে সাধাৰণ জনতাক ৷

ইফালে বাজেট ভাষণত বিত্ত মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, চৰকাৰে‌ শীঘ্ৰে 134 টা ইক'লজিকেল টাস্ক ফ'ৰ্চ গঠন কৰিব ৷ মনকৰিবলগীয়া যে 2021-22 বৰ্ষৰ বাজেটত বন বিভাগৰ বাবে ধাৰ্য কৰা হৈছে 730.12 কোটি টকা ৷ আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগলিক এলেকাও সম্প্ৰসাৰিত কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়কঃ বাজেট 2021-22: পাঁচখন জিলাৰ বাবে ভাল খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.