ৰঙিয়া, 8 মেঃ ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্য। অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৰঙিয়াৰ এজন গাড়ীচোৰক আৰক্ষীয়ে অভিযান চলাই এখন ধাবাৰ পৰা আটক কৰে। জানিব পৰা মতে গাড়ীচোৰজন বাক্সা জিলাৰ কুমাৰীকাটাৰ ৰণেশ দৈমাৰী। আৰক্ষীয়ে চোৰজনৰ পৰা এখন পালচাৰ বাইক, এটা নাইন এম এম পিষ্টল,এটা মেগজিন, ৩টা সজীৱ গুলীসহ ওৱেৰ কাটাৰ,মোবাইলকে ধৰি গাড়ী চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰে।
ইতিমধ্যে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো থানাত গোচৰ থকা গভাইত গাড়ীচোৰ ৰণেশ দৈমাৰীক মহকুমা আৰক্ষী বিষয়া কংকন নাথ আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাই জেৰা অব্যাহত ৰাখিছে। ইয়াৰোপৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আন এজন যুৱকক সোধপোছৰ বাবে আটক কৰিছে। ইফালে গাড়ী চোৰটো আটক কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে নিজৰ চুৰি হোৱা বাইকৰ সম্ভেদ বিচাৰি বহুলোক ৰঙিয়া থানাত উপস্থিত হয়।