ETV Bharat / state

ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

ৰঙিয়াৰ কনিহাত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় ইহাছিন আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । দোষীক কৰায়ত্ত কৰিব নোৱাৰাৰ বাবে ক্ষুব্ধ হৈ অৱশেষত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ধৰ্ষণ কাৰীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ
author img

By

Published : Aug 3, 2019, 7:51 PM IST

ৰঙিয়া, 3 আগষ্টঃ ৰঙিয়াত ধৰ্ষণ কাৰীক কঠোৰ শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷ অভিযুক্তৰ বাসগৃহত অগ্নি সংযোগ প্ৰতিবাদকাৰীৰ ৷

ধৰ্ষণ কাৰীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ

এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰঙিয়াৰ কনিহা । উল্লেখযোগ্য যে, কনিহাৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ইহাছিন আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । উক্ত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী চকীত ৰুজু কৰে এটা গোচৰ ৷ কিন্তু ঘটনা সংঘটিত হোৱা ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো অভিযুক্ত ইহাছিন আলীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । দোষীক কৰায়ত্ত কৰিব নোৱাৰাত ক্ষুব্ধ হৈ ৰাইজে ৰঙিয়াৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তাৰোপৰি উত্তেজিত ৰাইজে ধৰ্ষণকাৰী ইহাছিন আলীৰ বাসগৃহত অগ্নিসংযোগ কৰে । তাৰোপৰি আৰক্ষী প্ৰশাসন হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদস্থলীত ৰঙিয়া আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা আৰু সহকাৰী উপায়ুক্ত সুৰজিৎ বৰা উপস্থিত হৈ দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াত শান্ত হৈ পৰে প্ৰতিবাদী ৰাইজ । অতি শীঘ্ৰে অভিযুক্ত ইহাছিন আলীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী কৰিছে প্ৰতিবাদকাৰী সকলে ৷

Intro:ধৰ্ষণৰ অপৰাধীক কৰায়ত্ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত পথ অৱৰোধBody: এগৰাকী ছাত্ৰীক ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰঙিয়াৰ কনিহা । ধৰ্ষণ কাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ। দোষীক কৰায়ত্ত্ব কৰিব নোৱাৰা বাবে ৰাইজে আজি ৰঙিয়া-হাজো পথটো অৱৰোধ কৰি প্ৰতিবাদ কৰে। কনিহাৰ লম্পট যুৱক ,ধৰ্ষণকাৰী ইহাচিন আলীৰ বাসগৃহৰ সন্মুখত ক্ষুদ্ধ ৰাইজে কৰিলে অগ্নিসংযোগ ।লগতে পুলিচ প্ৰশাসন হায় হায়, দোষীক সোনকালে কৰায়ত্ত্ব কৰক আদি শ্লোগান দি ৰাইজে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিনৰ ভাগত কনিহাৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছিল ইহাছিন আলী নামৰ এজন যুৱকে । ঘটনাটো সংঘটিত হোৱাৰ ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো অদ্যাপি ইহাছিন আলীক আৰক্ষীয়ে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা নাই। ইফালে গুৰুতৰ ভাবে আহত ছাত্ৰীগৰাকী জিএমচিএইছত চিকিৎসাধীন হব লগা হৈছে। এই ঘটনাই বৃহত্তৰ কনিহা অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । পিছত আৰক্ষী প্ৰশাসনৰ লগতে ৰঙিয়া থানাৰ অ'চি প্ৰাঞ্জল বৰুৱা আৰু সহকাৰী উপায়ুক্ত সুৰজিৎ বৰা প্ৰতিবাদস্থলীত উপস্হিত হৈ দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজ শান্ত হয়। লম্পট ইহাছিন আলীক আৰক্ষীয়ে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হবনে ?
Bite:- প্ৰতিবাদীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.