ETV Bharat / state

অসমৰ সীমান্তত মেঘালয়ে উৰুৱালে ড্ৰোণ - assam meghalaya border

অব্যাহত আছে চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা-বিবাদ ৷ মিজো-নগা আৰু অৰুণাচলীৰ দৰেই আগ্ৰাসী হৈছে চুবুৰীয়া মেঘালয়ো ৷

assam-meghalaya-border-conflict
অসমৰ সীমান্তত মেঘালয়ে উৰুৱালে ড্ৰোণ
author img

By

Published : Aug 9, 2021, 9:43 PM IST

Updated : Aug 9, 2021, 10:27 PM IST

বকো, ৯ আগষ্ট : চলিত মাহৰ যোৱা ৫ আগষ্টত অসম আৰক্ষীৰ অবিহনেই মেঘালয়ৰ দল এটা অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ বিভিন্ন প্ৰান্তত উপস্থিত হয় । মেঘালয়ৰ প্ৰশাসনৰ দলটোৱে বকোৰ লাম্পী, গামেৰীমূৰা, হাহিম অঞ্চলত উপস্থিত হৈ বিভিন্ন পথত ৰঙা চিহ্ন অংকন কৰি মেঘালয়ৰসীমা নিৰ্ধাৰণ কৰাৰ প্ৰস্তুতি চলায় । আনকি সেইবোৰ স্থানত ড্ৰোণ উৰুৱাই ঠাইসমূহ পৰ্যবেক্ষণ ‌কৰাৰ দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে ।

মেঘালয়ৰ দলটোৱে গামেৰীমূৰাৰ মালাংকা শালবাৰী, গামেৰীমূৰা গোসানীমাৰা লোক নিৰ্মাণ বিভাগৰ পথ, গামেৰীমূৰা হাহিম পথৰ গাৰো অধ্যুষিত অঞ্চল মালচাপাৰা, হাহিম কম্পাডলী পথ, কম্পাডলীৰ পৰা লাম্পী অহা পথৰ লংতুৰি পাহাৰৰ বিভিন্ন প্ৰান্তত ৰঙা চিহ্ন অংকন কৰা উপৰিও ড্ৰোণ উৰুৱাই সীমা নিৰ্ধাৰণৰ প্ৰস্তুতি চলাইছিল । যোৱা ৫ আগষ্টত এইদৰে অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ বিভিন্ন স্থানত মেঘালয়ে ৰঙা চিহ্ন অংকন কৰি আৰু ড্ৰোণ উৰুৱাইছিল যদিও অসমৰ সীমান্তবাসী ৰাইজে মেঘালয়ৰ চতুৰালীৰ সন্দৰ্ভত জ্ঞাত হোৱা নাছিল ।

অসমৰ সীমান্তত মেঘালয়ে উৰুৱালে ড্ৰোণ

কইনাধৰাৰ ৰাজীৱ গান্ধী পথৰ উদয় নগৰতো মেঘালয়ৰ প্ৰশাসনে ড্ৰোণ উৰুৱাবলৈ আহে ৷ ইয়াকেলৈ তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতহে বকোৰ সীমান্তৱৰ্তী ৰাইজে মেঘালয়ৰ কু-চক্ৰ সন্দৰ্ভত অৱগত হয় । ইয়াৰ পাছতেই বকোৰ সীমান্তৱৰ্তী ৰাইজ আতংকিত হৈ ওলাই আহে । ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই অসমীয়া লোকসকল মেঘালয়ৰ বাসিন্দা হ’ব লাগিব নেকি বুলিও তেওঁলোক চিন্তিত হৈছে ৷

দৰাচলতে, অসম মেঘালয় সীমান্তৱৰ্তী গামেৰীমূৰা মালাং অঞ্চলত থকা 'হৌ হুৱা' নামৰ জলপ্ৰপাতটোৰ ওপৰত শেন চকু মেঘালয়ৰ । প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ অসমৰ জলপ্ৰপাতটো মেঘালয়ৰ বুলি দাবী উত্থাপন কৰি আহিছে মেঘালয়ে । আনকি, বিগত দিনত মালাঙত পানী যোগান আঁচনিৰ বাবে ভূমি পৰ্যবেক্ষণ কৰিব যোৱা অসমৰ সঁজাতি দল এটাক আক্ৰমণো কৰিছিল মেঘালয়ৰ সমৰ্থনকাৰী গাৰোসকলে । মেঘালয়ে সীমাৰ পৰা জলপ্ৰপাতটোৰ সৈতে প্ৰায় দুই কিলোমিটাৰ অসমৰ ভূমিত প্ৰৱেশ কৰি তেওঁলোকে শালবাৰীত ৰঙা চিহ্ন অংকন কৰা লগতে ড্ৰোণো উৰুৱাই ।

একেদৰে, অসম মেঘালয় সীমান্তৱৰ্তী হাহিম অঞ্চলৰ একাংশ গাৰো লোকে মেঘালয়ৰ বাসিন্দা বুলি চিনাকী দি মেঘালয়ক ভোট প্ৰদান কৰি আহিছে । ইয়াৰ সুযোগ গ্ৰহণ কৰি মেঘালয়ে হাহিমখন মেঘালয়ৰ মানচিত্ৰত চামিলৰ প্ৰস্তুতি চলাই হাহিমৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰুৱাই । একেদৰে অসমৰ দ্বিতীয় শ্বিলং খ্যাত প্ৰকৃতিৰ ৰম্যভূমি অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ চিৰসেউজ লাম্পীৰ ওপৰত মেঘালয়ৰ শেনচকুৰ কথা সৰ্বজন বিদিত ।

একেদৰে গাৰো জাতীয় পৰিষদৰ উপ সভাপতি সুনিত পি. মাৰাকে কয়, অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় সীমা সমস্যাক লৈ বৈঠকত বহাৰ এদিন পূৰ্বে বকোৰ বিভিন্ন স্থানত ৰঙা চিহ্ন অংকন আৰু ড্ৰোণ উৰুৱা কাৰ্যক বে-আইনী বুলি কয় । দুইখন ৰাজ্যই সীমা সমস্যা মিলা প্ৰীতিৰে সমাধান কৰাৰ আহ্বান জনায় । ইয়াকে লৈ চিন্তিত হৈ পৰা দল সংগঠন সমূহে এতিয়া চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে ৰাইজকো এক হৈ থাকিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : লুটপাট কৰি পথৰ দাঁতিত পেলাই থৈ গ'ল যুৱকক

Last Updated : Aug 9, 2021, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.