বাইহাটা, 20 জানুৱাৰী : আমিনগাঁৱত নৱৰূপত স্বয়ম আঁচনি শুভাৰম্ভণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ উক্ত অনুষ্ঠানত অসমৰ যুবক-যুৱতী সকলে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ যুবক-যুৱতী হিচাপে প্ৰমাণ কৰিব লাগিব বুলি মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ ইফালে, কংগ্ৰেছ আৰু এ আই ই ডি এফৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে বুলিও মন্তব্য প্ৰদান ।
পৃথিৱীৰ হেজাৰ শক্তি একত্ৰিত হলেও মন জয় কৰিব নোৱাৰে অসমৰ ৰাইজৰ । অসমৰ সৰ্বস্তৰৰ ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো মনে প্ৰাণে কামনা কৰিছে । সেয়ে এতিয়া কংগ্ৰেছ এ আই ই ডি এফৰ মিত্ৰতাই তিলমানো ক্ষতি কৰিব নোৱাৰে বিজেপি চৰকাৰক ।
বুধবাৰে কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত অনুষ্ঠিত স্বয়ম আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰে এই মন্তব্য । লগতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বদৰুদ্দিন আজমলে বিজেপি চৰকাৰে ৰাজ্যৰ মছজিদ ভাঙি পেলাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি চৰকাৰৰ দিনতে বেছি সুৰক্ষিত আছে অসমৰ জনসাধাৰন । সকলো জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমদৃষ্টিৰে চোৱা কাম কৰিছে বিজেপি চৰকাৰে ।
লগতে পঢ়ক : গোলাঘাটত নিজ প্ৰাপ্যৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদ
নৱৰূপত স্বয়ম শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সৱলীকৰন যোজনা আঁচনিৰ শুভ উদ্বোধনী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰতিযোগিতাৰ পৃথিবীত অসমৰ যুৱক-যুৱতী সকলে প্ৰমাণ কৰিব লাগিব অসমৰ যুবক-যুৱতী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ যুবক-যুৱতী । কামৰূপ আৰু মহানগৰ জিলাৰ বাবে আনুষ্ঠানিকভাৱে স্বয়ম আঁচনিৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসমৰ শিক্ষিত যুৱক-যুৱতীৰে গঠিত আত্মসহায়ক গোট সমূহে চৰকাৰে হাতত লোৱা এই স্বয়ম আঁচনিৰ জৰিয়তে প্ৰতি গৰাকী গোটৰ সদস্যই ৫০ হাজাৰকৈ ধন লাভ কৰিব ।
এক হাজাৰ কোটি টকা ব্যয়ত গ্ৰহণ কৰা স্বয়ম আঁচনিৰ জৰিয়তে 2 লাখ 50 হাজাৰ যুৱশক্তিয়ে বৰ্তমান সুবিধা লাভ কৰিব যদিও এই আঁচনি শীঘ্ৰে আৰু অধিক হিতাধিকাৰীলৈ সম্প্ৰসাৰণ হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । উক্ত অনুষ্ঠানতে হিতাধিকাৰী আত্মসহায়ক গোট সমূহলৈ আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ যুবক-যুৱতী সকলে অধিক পৰিশ্ৰমেৰে অসমৰ দক্ষিণ পূব এচিয়াৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগিব বুলিও মত প্ৰকাশ কৰে ।
স্বয়ম আঁচনিৰ যোগেদি আত্মাসহায়ক গোট সমূহে নিজে স্বাৱলম্বী হৈ সমাজক অৰ্থনৈতিক স্বচ্ছলতা দিশে ধাবমান কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী সদস্যই 50 হাজাৰ টকাৰে 50 লাখ টকা উপাৰ্জন কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষিত যুৱক-যুৱতীৰে গঠিত আত্মসহায়ক গোট সমূহ এই আঁচনিৰ দ্বাৰা কৰ্মক্ষেত্ৰত বিশেষ ভাৱে সৱলীকৰণ হ'ব বুলি উল্লেখ কৰে ।
বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰতিখন জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰাৰ 48 ঘন্টাৰ ভিতৰত হিতাধিকাৰীৰ একাউণ্টত ত্ৰিশ হাজাৰ টকা সোমাব আৰু আত্মাসহায়ক গোট সমূহক তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দ্বিতীয় পৰ্যায়ত পৰৱৰ্তী বিশ হাজাৰ টকা হিতাধিকাৰী একাউণ্টত সোমাই দিয়া হ'ব ।
লগতে পঢ়ক : বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন
স্বয়ম আঁচনি লাভ কৰা আত্মাসহায়ক গোট সমূহে কৰা কামৰ ওপৰত গোট সমুহক গ্ৰেডিঙ কৰি আত্মাসহায়ক গোট সমূহক বহু দূৰলৈকে আগুৱাই লৈ যোৱা হ'ব বুলিও হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে । বিজেপি চৰকাৰে প্ৰতিটো প্ৰতিশ্ৰুতি সময়ত সাকাৰ কৰি এক নজিৰ সৃষ্টি কৰাৰ লগতে বিজেপি চৰকাৰে বিগত সময়ছোৱাত কৰা উন্নয়নমুখী কামৰ বাবে সমসাময়িক ইতিহাসত এই কৰ্মৰাজি সোনালী আখৰেৰে লিপিবদ্ধ হ'ব বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে ।
স্বয়ম আঁচনি কোনো চৰকাৰে কোনো ৰাজনৈতিক উদ্দেশ্যত মুকলি কৰা নাই বুলি মত প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভবিষ্যতৰ অসম নতুন উন্নয়নৰ অসম গঢ় দিয়াৰ বাবে যুৱ শক্তিৰ বাবে স্বয়ম আঁচনি মাথো এক কৃতজ্ঞতা বুলি মন্তব্য কৰে । স্বয়মৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মন্ত্ৰী ভৱেশ কলিতা, অসম চৰকাৰৰ বিত্ত আয়ুক্ত সমীৰ সিনহা, বিধায়িকা সুমন হৰিপ্ৰিয়া, বিধায়ক অতুল বৰা, বিধায়ক প্ৰনৱ কলিতা, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্তী জয় পাণ্ডাৰ লগতে বিজেপিৰ শীৰ্ষ নেতা সকল উপস্থিত থাকে ।
লগতে পঢ়ক : মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল