ETV Bharat / state

কৰ'ণা আক্ৰান্ত জোৱানক উভতাই আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান অন্তঃসত্বা পত্নীৰ - দিল্লীত কৰ্মৰত জালুকবাৰী সমষ্টিৰ চাংসাৰি থানাৰ অন্তৰ্গত আঠিয়াবৈ গাওঁৰ এজন সেনা জোৱান

ময়ুৰ বিহাৰ ৩১ নং বেটেলিয়ানৰ চি আৰ পি এফ জোৱান কুমুদ কলিতা জালুকবাৰী সমষ্টিৰ চাংসাৰি থানাৰ অন্তৰ্গত আঠিয়াবৈ গাঁৱৰ নিবাসী ৷ বৰ্তমান দিল্লীৰ মাণ্ডলী জেইলৰ সন্মুখৰ পুলিছ বিল্ডিঙত কোৱাৰেন্টাইন কৰা হৈছে কুমুদ কলিতাক ।

কৰ'ণাক্ৰান্ত জোৱানক উভতাই আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান অন্তঃসত্বা পত্নীৰ

author img

By

Published : May 1, 2020, 9:45 AM IST

চাংসাৰি, 30 এপ্ৰিলঃ কৰ'ণাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হোৱা CRPF ৰ বিষয়া ইমাম হুছেইনৰ পাছতে শেহতীয়াকৈ পুনৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে দিল্লীত কৰ্মৰত কুমুদ কলিতা নামৰ এজন ৩৭ বছৰীয়া সেনা জোৱান । ময়ুৰ বিহাৰ ৩১ নং বেটেলিয়ানৰ চি আৰ পি এফ জোৱান কুমুদ কলিতা জালুকবাৰী সমষ্টিৰ চাংসাৰি থানাৰ অন্তৰ্গত আঠিয়াবৈ গাঁৱৰ নিবাসী ৷ বৰ্তমান দিল্লীৰ মাণ্ডলী জেইলৰ সন্মুখৰ পুলিছ বিল্ডিঙত কোৱাৰেন্টাইন কৰা হৈছে কুমুদ কলিতাক ।

কৰ'ণাক্ৰান্ত জোৱানক উভতাই আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান অন্তঃসত্বা পত্নীৰ

আনহাতে, স্বামী কুমুদ কলিতা কৰ'ণাত আক্ৰান্ত হোৱা বুলি খবৰ পোৱাৰ পাছতে এতিয়া পাঁচমহীয়া অন্তঃসত্বা পত্নী তথা পৰিয়ালৰ লোকে সমষ্টিটোৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীক জোৱানজনক শীঘ্ৰে ৰাজ্যলৈ উভতাই আনি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৷ লগতে দিল্লীত থকা পৰ্যন্ত জোৱানজনৰ খাদ্যৰ লগতে স্বাস্থ্যৰ দিশটোত গুৰুত্ব দিবলৈয়ো কেন্দ্ৰ চৰকাৰক আহ্বান জনাই আত্নীয়ই।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.