ETV Bharat / state

Former AGP Minister Thaneswar Boro:মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে কেইবাজনো মন্ত্ৰী-বিধায়কে

author img

By

Published : Jul 8, 2023, 8:55 PM IST

শনিবাৰে মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

former agp minister Thaneswar Boro
হাস্পতালত মন্ত্ৰী থানেশ্বৰ বড়ো
হাস্পতালত মন্ত্ৰী থানেশ্বৰ বড়ো

ৰঙিয়া, 8 জুলাই : প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি ঘটি বৰ্তমানেও ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি হৈ আছে । কেইবা বছৰৰ পৰা বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ আৰু হৃদৰোগত ভূগি থকা প্ৰাক্তন মন্ত্ৰীগৰাকী শনিবাৰেও ICU ত আছে । চিকিৎসাধীন বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়খনত বহু লোকে ভিৰ কৰাৰ মাজতে শনিবাৰে চিকিৎসালয়ত উপস্থিত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ।

অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে ৰঙিয়াৰ স্বস্তি হাস্পতালত উপস্থিত হৈ শাসকীয় দলৰ নেতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই চিকিৎসাধীন হৈ থকা প্ৰাক্তন অগপ নেতাগৰাকীক সাক্ষাৎ কৰি কুশল বাৰ্তা লয় । প্ৰথমে বিজেপি দলৰ নেতা দুগৰাকীয়ে চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক হিতেন কলিতাৰ সৈতে থানেশ্বৰ বড়োৰ স্বাস্থ্য সম্পৰ্কে বুজ লয় । চিকিৎসকগৰাকীয়ে কালিৰ তুলনাত আজি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্য অৱস্থাৰ উন্নতি হৈছে বুলি জানিবলৈ দিয়ে ।

তাৰ পিচত আই চি ইউৰ ভিতৰত গৈ দুয়োগৰাকী নেতাই থানেশ্বৰ বড়োৰ সৈতে বাৰ্তালাপ কৰে । দুয়োগৰাকীয়ে থানেশ্বৰ বড়োৰ সৈতে কিছু সময় অতিবাহিত কৰি চিকিৎসালয়ৰ পৰা বিদায় লয় । বিদায়ৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সকলো ধৰণৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব । যদি প্ৰয়োজন হয় চৰকাৰে কেয়াৰ টেকাৰৰো ব্যৱস্থা কৰিব । অসম চৰকাৰৰ এই ঘোষণাৰ পিচত অগপ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু দিগন্ত কলিতাই হাস্পতালৰ পৰা যোৱাৰ কিছু সময় পিচতে অসম চৰকাৰৰ আন দুগৰাকী মন্ত্ৰী আৰু অগপ দলৰ নেতা অতুল বৰা তথা কেশৱ মহন্তও চিকিৎসালয়ত উপস্থিত হয় । বৰ্তমান চৰকাৰৰ কৃষিমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী দুগৰাকীয়ে ৰঙিয়াৰ স্বস্তী হাস্পতালত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ লয় । দলটোৰ জেষ্ঠ নেতা তথা প্ৰাক্তন সতীৰ্থ গৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ গৈ দুয়ো গৰাকী নেতা আৱেগিক হৈ পৰে । দুয়োগৰাকী মন্ত্ৰীয়ে চিকিৎসালয়খনৰ চিকিৎসকৰ সৈতে থানেশ্বৰ বড়োৰ স্বাস্থ্য সম্পৰ্কে বুজ লয় আৰু আগন্তুক সময়ত প্ৰাক্তন শিক্ষা মন্ত্ৰীগৰাকীক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলিও আশ্বাস দিয়ে ৷

former agp minister Thaneswar Boro
হাস্পতালত মন্ত্ৰী থানেশ্বৰ বড়ো

প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হোৱা দলীয় কৰ্মী সকলৰ সৈতেও অগপ দলৰ মন্ত্ৰী দুগৰাকীয়ে মত বিনিময় কৰাৰ লগতে প্ৰাক্তন বিধায়ক গৰাকীৰ সু-স্বাস্থ্য কামনা কৰে । লগতে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা সমন্বিতে ৰঙিয়াৰ বহু স্থানীয় লোক তথা দলটোৰ কৰ্মীয়ে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক গৰাকীৰ স্বাস্থ্যৰ বুজ লয় । উল্লেখ্য যে থানেশ্বৰ বড়ো 1985 চনৰ পৰা 2001 চনলৈ একেৰাহে ৰঙিয়াৰ বিধায়ক হৈ আছিল । ইয়াৰ উপৰিও অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক : Former AGP minister Thaneswar Boro is hospitalized: প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.