ETV Bharat / state

ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিণত ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভঁৰাল ঘৰ

author img

By

Published : Nov 2, 2020, 6:18 PM IST

বিভাগীয় বিষয়াৰ চূড়ান্ত গাফিলতিত চৰকাৰী ভঁৰাল ব্যক্তিগত কামত ব্য়ৱহৃত হৈছে ৰঙিয়াত । ঠিকাদাৰক বিক্ৰী কৰাৰ বাবে পাইপ ৰখা হৈছে ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভঁৰালত। সহকাৰী অভিযন্তা ৰবীন ভঁৰালী আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা ৰম্যজ্যোতি শৰ্মা‌ৰ বিৰুদ্ধে চৰকাৰী ভঁৰালৰ অপব্যৱহাৰৰ অভিযোগ ।

ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিণত ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভঁৰাল ঘৰ
ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিণত ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভঁৰাল ঘৰ

ৰঙিয়া, ২ নৱেম্বৰ : চৰকাৰী কাৰ্যালয় ব্যৱহাৰৰ নামত মইমতালি ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়াৰ । বিভাগীয়ভাৱে যোগান ধৰা সামগ্ৰীহে এই ভঁৰালটোত ৰখাৰ অনুমতি দিয়া হৈছে যদিও ইয়াত বিক্ৰীৰ বাবে ৰখা হৈছে পাইপ ।

ঠিকাদাৰক বিক্ৰী কৰিবলৈ এনেদৰে চৰকাৰী ভঁৰালত পাইপ মজুত কৰি ৰাখিছে বিভাগীয় বিষয়াই । ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই বিষয়া ক্ৰমে ভঁৰালৰ দায়িত্বত থকা সহকাৰী অভিযন্তা ৰবীন ভৰালী আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা ৰম্যজ্যোতি শৰ্মা‌ই চৰকাৰী ভঁৰালক ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জল জীৱন অভিযানৰ বাবে ঠিকা লাভ কৰা একাংশ ঠিকাদাৰৰ ওচৰত বিভাগীয়ভাৱে অনুমোদিত কোম্পানীৰ পাইপ বিক্ৰী কৰাৰ বাবে এনেদৰে বেপাৰ আৰম্ভ কৰিছে ধনলোভী দুই বিষয়াই । ইতিমধ্যে বিষয়া হোৱাৰ সুবাদতে এই দুই বিষয়াই বহুখিনি পাইপ বিক্ৰী কৰিছে এই ভঁৰালটোৰ পৰা ।

সেউজীয়া ৰঙৰ পি পি আৰ পাইপ বিক্ৰী কৰি ধন ঘটি আহিছে এই দুই দুৰ্নীতিপৰায়ণ বিষয়াই । ইফালে, এই সন্দৰ্ভত বিভাগীয়ভাৱে ভঁৰালটোৰ দায়িত্বত থকা সহকাৰী অভিযন্তা ৰবীন ভঁৰালীক সোধাত তেওঁ ঠিকাদাৰৰ পাইপ ভঁৰালটোত ৰখাৰ কথা অকপটে স্বীকাৰ কৰে। কিন্তু পাইপ বিক্ৰী কৰাৰ বিষয়টো অস্বীকাৰ কৰে।

লগতে পঢ়ক:সংকটত মৰাপাট কলৰ শ্ৰমিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.