ETV Bharat / state

কেনেকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসমলৈ আনিলে চাহিল আব্বাচক ? - সুনীল কলিতা

শ্বহীদ সুনীল কলিতাৰ লগতে তেওঁৰ পত্নীক ফেচবুকত অশ্লীল মন্তব্য কৰা চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল

চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল
author img

By

Published : Jun 27, 2019, 8:23 AM IST

কামৰূপ, 26 জুনঃ শ্বহীদ সুনীল কলিতা আৰু তেওঁৰ পত্নীক ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত পৰিল কাশ্মীৰি যুৱক । চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল । চাহিল আব্বাচৰ প্ৰকৃত নাম মহম্মদ আব্বাচ ভাট । ফেচবুকত চাহিল আব্বাচ নামেৰে বীৰ শ্বহীদ জোৱান সুনীল কলিতা সন্দৰ্ভত অশালীন মন্তব্য কৰিছিল আব্বাচ ভাটে । অসম আৰক্ষীৰ হৈ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসে কাশ্মীৰত প্ৰদৰ্শন কৰিছিল বিৰল সাহসিকতা । কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাহসিকতাত প্ৰশংসাৰে উপচাই পেলালে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল

কাশ্মীৰৰ কুলগাম জিলাৰ ধামাল হাজিপাৰা আৰক্ষী থানাৰ অন্তৰ্গত চোটামহল্লা নামৰ অতি দুৰ্গম অঞ্চলটোৰ পৰা আৰক্ষীয়ে আটক কৰে দুৰ্বৃত্ত আব্বাচক । আটক কৰাৰ সময়ত কাশ্মীৰৰ স্থানীয় লোক সকলে যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ঘটনাস্থলীত । মহম্মদ আব্বাচ ভাটক আটক কৰি ধামাল হাজিপৰা আৰক্ষী থানালৈ অনাৰ পথত হাজাৰ অধিক লোকে বাৰাম্বাৰ বাধা প্ৰদান কৰিছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । কাশ্মীৰ আৰক্ষীয়ে কোনো ধৰণৰ সহায় সহযোগ কৰা নাছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । চি আৰ পি এফ আৰু সেনাৰ সহযোগতহে মহম্মদ আব্বাচ ভাটক অসমলৈ অনা সম্ভৱ হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তই । সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত মহম্মদ আব্বাচ ভাটৰ মতামত প্ৰকাশৰ পৰা বিৰত থাকিল আৰক্ষী অধীক্ষক গৰাকী ।

লগতে পঢ়কঃ ৰঙিয়া মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা ছাহিল আব্বাছৰ

Intro:* AMINGAON SP PRESS MEET ABOUT SAHIL ABBAS*

SCRIPT= শ্বহীদ সুনীল কলিতা আৰু তেওঁৰ পত্নীক ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত পৰা কাশ্মীৰি যুৱক । সুনীল কলিতা সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল । চাহিল আব্বাচৰ প্ৰকৃত নাম মহম্মদ আব্বাচ ভাট । ফেচবুকত চাহিল আব্বাচ নামেৰে বীৰ শ্বহীদ জোৱান সুনীল কলিতা সন্দৰ্ভত অশালীন মন্তব্য কৰিছিল আব্বাচ ভাটে । অসম আৰক্ষীৰ হৈ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসে কাশ্মীৰত প্ৰদৰ্শন কৰিছিল বিৰল সাহসিকতা । কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাহসিকতাত প্ৰশংসাৰে উপচাই পেলালে আৰক্ষী অধীক্ষক গৰাকীয়ে । কাশ্মীৰৰ কুলগাম জিলাৰ ধামাল হাজিপাৰা আৰক্ষী থানাৰ অন্তৰ্গত চোটামহল্লা নামৰ অতি দুৰ্গম অঞ্চলটোৰ পৰা আৰক্ষীয়ে আটক কৰে দুৰ্বিত্ব গৰাকীক । আটক কৰাৰ সময়ত কাশ্মীৰৰ স্থানীয় লোক সকলে যথেষ্ট অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ঘটনাস্থলীত ।মহম্মদ আব্বাচ ভাটক আটক কৰি ধামাল হাজিপৰা আৰক্ষী থানালৈ অনাৰ পথত হাজাৰ অধিক লোকে বাৰাম্বাৰ বাধা প্ৰদান কৰিছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । কাশ্মীৰ আৰক্ষীয়ে কোনো ধৰনৰ সহায় সহযোগ কৰা নাছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । চি আৰ পি এফ আৰু সেনাৰ সহযোগত হে দুৰ্বিত্ব মহম্মদ আব্বাচ ভাটক অসমলৈ অনাত সম্ভৱ হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তই । দুৰ্বিত্ব গৰাকীক কুলগামৰ স্থানীয় আদালতত হাজিৰ কৰি ৮ দিনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ কথা জানিব দিয়ে সংবাদ মাধ্যমক । ১৪ জুনত চি আৰ পি এফৰ ২০৯ কোব্ৰা বেটেলিয়নৰ শ্বহীদ জোৱান সুনীল কলিতাৰ অন্তুষ্টি ক্ৰিয়াৰ সময়ত পত্নীয়ে চেলুট মাৰি সন্মান জনাইছিল বীৰ স্বামীক । এই সন্দৰ্ভত প্ৰকাশিত এক বাতৰি ফেচবুকৰ আপলোড হোৱাৰ পাছতে এই গৰাকী নৰাধমে শ্বহীদ আৰু পত্নীক নানা অশালিন মন্তব্যৰে কৰিছিল অসন্মান । ইয়াৰ পাছতে ক্ষুব্ধ হৈ পৰিছিল ৰাজ্যৰ সচেতন সমাজ । কমলপুৰ আৰক্ষী থানাত পাষণ্ড গৰাকীক বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিতে কামৰূপ আৰক্ষীয়ে কাশ্মীৰৰ পৰা আটক কৰে নৰাধম গৰাকীক । বৰ্তমান কামৰূপ আৰক্ষীয়ে মাৰাথান জেৰা চলাই আছে কাশ্মীৰি যুৱক গৰাকীক । মহম্মদ আব্বাচ ভাটৰ সৈতে অসমৰ কোনো লোকৰ সম্পৰ্ক আছে নেকি ? সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত মহম্মদ আব্বাচ ভাটে আৰক্ষীক কি কৈছে ? এই সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত থাকিল আৰক্ষী অধীক্ষক গৰাকী ।

*VISUAL SEND BY wrap*Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.