আমিনগাঁও, 7 ডিচেম্বৰ: ৰাজ্যৰ বজাৰত এতিয়া সুলভ হোৱাৰ অভিযোগ হংকং,কোৰিয়াৰ বিলাসী চিগাৰেট ৷ অভিযোগ অনুসৰি, ম্যানমাৰৰ পৰা অসমত প্ৰৱেশ কৰে চোৰাং চিগাৰেট ৷ গুৱাহাটী মহানগৰীৰ পৰা নিয়ন্ত্ৰিত হয় চিগাৰেটৰ অবৈধ সৰবৰাহ ৷
আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ কেইবা লক্ষাধিক মূল্যৰ অবৈধ চিগাৰেট ৷ সোধপোচৰ বাবে এজনক আটক কৰে কামৰূপ আৰক্ষীয়ে ৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকে চলোৱা এক গোপন অভিযানত প্ৰায় 48 কাৰ্টুন চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷
31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে WB-23C-5038 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাকসহ জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট খিনি ৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে,অবৈধ বিদেশী চিগাৰেট সমূহ টাটা পিকআপ ভানত আনি মহানগৰীৰ খানাপাৰা,যোৰাবাটত,পশ্চিমবংগলৈ বুলি ট্ৰাকত ৰপ্তানি কৰা হয় ৷
লগতে পঢ়ক : নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান