বাইহাটা, 3 জানুৱাৰী : কামৰূপ (গ্ৰাম্য) জিলাৰ কমলপুৰ সমষ্টিৰ অধিকাংশ দিব্যাংগ লোকে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা (Alligation of happening scam in arunodoi scheme) ৷ একাংশ ধনী লোকে চৰকাৰী আঁচনিৰ সা-সুবিধাসমূহ উপভোগ কৰি থকাৰ বিপৰীতে বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী ৷
দেওবাৰে বিধায়ক দিগন্ত কলিতাই বাইহাটাত সমষ্টিটোৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই বিষয়ে উদ্বেগ প্ৰকাশ কৰে ৷ বিধায়কগৰাকীয়ে কয় যে, আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা উচিত ৷ সমষ্টিৰ এজনো প্ৰকৃত হিতাধিকাৰী যাতে কোনো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব বুলি বিধায়ক কলিতাই মন্তব্য কৰে ৷
কোনো প্ৰকৃত হিতাধিকাৰীক চৰকাৰী আঁচনিৰ পৰা কোনো বিজেপিৰ কৰ্মকৰ্তাই ইচ্ছাকৃতভাৱে অথবা অসাধু পন্থাৰে বঞ্চিত কৰিলে, তেনে কৰ্মকৰ্তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিধায়কগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ৷ কমলপুৰ মণ্ডল বিজেপিৰ সভাপতি কুমুদ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোত সমষ্টিটোৰ 30 গৰাকী দিব্যাংগ লোকৰ মাজত হুইল চেয়াৰ, ট্ৰাই চাইকেল আদি সামগ্ৰী বিতৰণ কৰা হয় (MLA Diganta Kalita distributes wheel chair at Kamalpur) ৷
অনুষ্ঠানত বিধায়কগৰাকীয়ে আক্ষেপেৰে "দিব্যাংগ লোকৰ আঁচনি একাংশ স্বাৰ্থলোভীয়ে আত্মস্যাৎ কৰাতো পৰিতাপৰ কথা" বুলি মন্তব্য কৰে ৷ অনাগত দিনত এনে কাৰ্য সংঘটিত নোহোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বিধায়কগৰাকীয়ে ৷ তদুপৰি শীঘ্ৰে সমষ্টিৰ প্ৰতিগৰাকী দিব্যাংগ লোকৰ বাসগৃহত বিধায়কগৰাকীৰ প্ৰতিনিধি গৈ দিব্যাংগ পেঞ্চনৰ যাৱতীয় কাম-কাজ সম্পন্ন কৰিব বুলিও সদৰি কৰে ৷ বিহদিয়া আৰু কমলপুৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত সমষ্টিটোৰ 26 গৰাকী জ্যেষ্ঠ নাগৰিককো গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
লগতে পঢ়ক: ধেমাজিলৈ গৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?