ETV Bharat / state

গুৱাহাটীৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা চলাৰ অভিযোগ অস্বীকাৰ আবাসীৰ - Allegations of drugs business in Kanika apartment

মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ সমীপৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগক নসাৎ কৰিছে কণিকা এপাৰ্টমেণ্ট হাউছিং ছ'চাইটিয়ে ৷ এপাৰ্টমেণ্টটোৰ এগৰাকী আবাসী বুদ্ধেশ্বৰী শইকীয়াই উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভুৱা তথা মনে সজা বুলি সংবাদমেল যোগে স্পষ্ট কৰিছে ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত দাসে ৷

allegations-of-drugs-business-in-kanika-apartment-denied-by-the-apartment-society
গুৱাহাটীৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা অস্বীকাৰ আবাসীৰ
author img

By

Published : Sep 30, 2021, 5:34 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ : মহানগৰীৰ শংকৰ নগৰস্থিত কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা চলা কথা অস্বীকাৰ কৰিছে কণিকা এপাৰ্টমেণ্ট হাউছিং ছ'চাইটিয়ে ৷ গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত দাসে কয় যে, কণিকা এপাৰ্টমেণ্টৰ A-৫ ৰ বাসিন্দা বুদ্ধেশ্বৰী শইকীয়া নামৰ মহিলা আবাসী গৰাকীয়ে দীৰ্ঘদিন ধৰি এপাৰ্টমেণ্টৰ 19 জনীয়া পৰিয়ালটোক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে ৷

গুৱাহাটীৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা অস্বীকাৰ আবাসীৰ

সংবাদ মেলত কণিকা এপাৰ্টমেণ্টত বৰ্তমান কোনো ধৰণৰ অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছ ব্যৱসায় চলা নাই বুলি ছ'চাইটিৰ সভাপতি গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ তেওঁ লগতে কয় যে, এই মহিলা আবাসী গৰাকী আচলতে এগৰাকী বিতৰ্কিত, নিচ মনোবৃত্তি ঈৰ্ষা পৰায়ন আৰু বিকৃত মানসিকতাৰ অসামাজিক মহিলা ৷ তদুপৰি এই বিতৰ্কিত মহিলা গৰাকীয়ে এপাৰ্টমেণ্টৰ বিভিন্ন আবাসী, নিৰাপত্তাৰক্ষী আদিক বিভিন্ন সময়ত অভব্য আচৰণ কৰি অহাৰ অভিযোগ উত্থাপন কৰে ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত দাসে ৷

উল্লেখ্য যে, অভিযোগকাৰী আবাসী গৰাকীয়ে এপাৰ্টমেণ্টৰ অন্য আবাসী সকলৰ বিৰুদ্ধে বিভিন্ন সময়ত কেতবোৰ মনে সজা অভিযোগ আনি এপাৰ্টমেণ্টটো জনমানসত হেয় প্ৰতিপন্ন কৰি আহিছে ৷

ফলত অতিষ্ঠ হাউছিং ছ’চাইটি বাসীয়ে শেহতীয়াভাবে নুনমাটি থানাত উক্ত আবাসী গৰাকীৰ বিৰুদ্ধে বুধবাৰে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় বুলি চন্দ্ৰকান্ত দাসে সংবাদ মেলত স্পষ্ট কৰি দিয়ে ৷ সংবাদ মেলত ছ'চাইটিৰ সভাপতি দাসৰ উপৰিও সম্পাদক তিৰন ৰাভা আৰু কোষাধ্যক্ষ ধীৰাজ ডেকা উপস্থিত থাকে ৷

লগতে পঢ়কঃ ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.