ETV Bharat / state

No employees in govt office at Boko: চৰকাৰী কৰ্মচাৰী অবিহনেই চলি আছে চৰকাৰী কাৰ্যালয় - ভূমি সংক্ৰান্তীয় বা বিবাহ আদি পঞ্জীয়ন

চৰকাৰী কৰ্মচাৰী অবিহনে বকোত চলি আছে এটা চৰকাৰী কাৰ্যালয় (Allegation of govt office run without govt employees at Boko) ৷ আনকি চৰকাৰী কাৰ্যালয়টোত নাই এজনো চৰকাৰী কৰ্মচাৰী ৷ বিভাগীয় বিষয়াৰ অনুৰোধ মৰ্মে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চলাই আছে উক্ত চৰকাৰী কাৰ্যালয়টো ৷ যাক লৈ ক্ষোভিত এতিয়া বকো অঞ্চলৰ সচেতন ৰাইজ ৷

Allegation of govt office run without govt employees in Boko
চৰকাৰী কৰ্মচাৰী অবিহনেই চলি আছে চৰকাৰী কাৰ্যালয়
author img

By

Published : Oct 15, 2022, 8:41 PM IST

বকো, 15 অক্টোবৰ : আগফালে দাং, পিছফালে ধোবাংবাং ৷ অসমীয়া সমাজত প্ৰচলিত এই আপ্তবাক্যশাৰী আখৰে আখৰে ফলিয়াইছে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ত ৷ নামত মাত্ৰ আছে চৰকাৰী কাৰ্যালয়, কিন্তু কামহে একো নাই ৷ এই অভিযোগ বকোৰ একাংশ সচেতন লোকৰ ৷

চৰকাৰী কৰ্মচাৰী অবিহনেই চলি আছে চৰকাৰী কাৰ্যালয়

অভিযোগ অনুসৰি, চৰকাৰী বিষয়াক বিভিন্ন কামত বিচাৰি বকোবাসীয়ে সঘনে ভিৰ কৰেহি বকো উপ-পঞ্জীয়ক তথা বিবাহ বিষয়াৰ কাৰ্যালয়ত ৷ কিন্তু বিভিন্ন অজুহাত লৈ চৰকাৰী কাৰ্যালয়ত উপস্থিত নহয় বকো উপ-পঞ্জীয়ক তথা বিবাহ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত উপ-পঞ্জীয়ক তথা বিবাহ বিষয়া অমিত কুমাৰ হৰি ৷

কেৱল বিষয়াগৰাকীয়েই নহয়, উক্ত কাৰ্যালয়টোত নাই এগৰাকীও চৰকাৰী কৰ্মচাৰী ৷

চৰকাৰী কৰ্মচাৰী অবিহনে চলি আছে এই কাৰ্যালয়টো (Allegation of govt office run without govt employees at Boko) ৷ যাক লৈ ক্ষোভিত এতিয়া বকোবাসী ৰাইজ ৷ আনহাতে, জানি আচৰিত হ’ব যে উক্ত কাৰ্যালয়টোৰ বৰ্তমান দায়িত্ব গ্ৰহণ কৰি আছে এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে ৷

কিন্তু কি যুক্তিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী নৰেশ্বৰ নাথে ভূমি লেন-দেনৰ কাম চোৱাচিতা কৰি আছে সেয়াহে এক গুৰুত্বপূৰ্ণ বিষয় ৷ উল্লেখযোগ্য যে, বকো অঞ্চলৰ বাবে এই কাৰ্যালয়টো অতিকৈ গুৰুত্বপূৰ্ণ ৷ য’ত বকোৰ ৰাইজে ভূমি সংক্ৰান্তীয় বা বিবাহ আদি পঞ্জীয়ন কৰিবলৈ আহে ।

বিষয়টো সন্দৰ্ভত সাংবাদিকে উক্ত কাৰ্যালয়টোৰ উপ-পঞ্জীয়ক তথা বিবাহ বিষয়াৰ অমিত কুমাৰ হৰিৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বিষয়াগৰাকীৰ পৰা কোনো সঁহাৰি নাপালে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকে ।

আনহাতে, কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক নৰেশ্বৰ নাথক বিষয়টো সোধাত তেওঁ কয় যে, বিষয়াগৰাকীয়ে সপ্তাহত 2-3 দিনহে অফিচলৈ আহে । আনকি জ্যেষ্ঠ সহায়ক নৰেশ্বৰ নাথক কৰ্মচাৰীৰ বিষয়ে সোধাত তেওঁ কয়, "এতিয়া চৰকাৰী কৰ্মচাৰী নাই । আনকি মইও 31 জুলাই 2022 তাৰিখে অৱসৰ লৈছো । কিন্তু বিষয়া অমিত কুমাৰ হৰিৰ অনুৰোধৰ জ্যেষ্ঠ সহায়ক হিচাপে কাম কৰি আছো’’ ।

নৰেশ্বৰ নাথে লগতে কয় যে, আন দুজন কৰ্মচাৰীয়েও অনলাইন বিষয়ত কাম কৰি আছে ৷ কিন্তু তেওঁলোকো চৰকাৰী কৰ্মচাৰী নহয় । কিন্তু কি যুক্তিত তথা কাৰ আৰ্শীবাদত চৰকাৰী কাৰ্যালয়ত ভাড়াতীয়া কিম্বা অন্য কৰ্মচাৰীয়ে কাম কৰি আছে সেয়া বৰ্তমান বিচাৰ্যৰ বিষয় ৷

লগতে পঢ়ক : Law Ministers Conference at Gujrat:আইন মন্ত্ৰীৰ সন্মিলনত ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.