ETV Bharat / state

ভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ দল সংগঠনৰ - citizenship amendment bill

গোলাঘাটৰ খুমটাইত কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীতো চাইকেল ৰেলী বাহিৰ কৰে আছু কৰ্মীয়ে ৷ গুৱাহাটীৰবাসীৰ বাবে পৃথক ভূমি নীতিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ । বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাৰ অভিযোগত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ । কলগাছিয়াতো বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাত ৰূপশী ব্লক কংগ্ৰেছ কমিটিৰ অৱস্থান ধৰ্মঘট । নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ফিল'বাৰীত আছুৰ চাইকেল ৰেলী ৷ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদ ৷ বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদ । অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ ৰ তীব্ৰ বিৰোধিতা । কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৷ দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত কংগ্ৰেছে বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৷ ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । টিংখাঙত বিজেপি চৰকাৰক তুলাধুনা প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ ৷

প্ৰতিবাদ
ভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ
author img

By

Published : Nov 29, 2019, 9:48 PM IST

Updated : Nov 30, 2019, 12:00 AM IST

গোলাঘাট, 29 নৱেম্বৰঃ খুমটাইত কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে খুমটাই ৰাজহচক্ৰ কাৰ্যালয়ৰ সন্মুখত দেশৰ অৰ্থনৈতিক সংকটকে ধৰি বিভিন্ন সমস্যাকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

একদৰে খুমটাইত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীতো চাইকেল ৰেলী বাহিৰ কৰে আছু কৰ্মীয়ে ৷ গাঁৱৰ সাধাৰণ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুলি মন্তব্য কৰে আছু কৰ্মীসকলে ৷

খুমটাইত প্ৰতিবাদ

গুৱাহাটী, 29 নৱেম্বৰঃ গুৱাহাটীবাসীৰ বাবে পৃথক ভূমি নীতিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ। শীতকালীন অধিবেশনৰ দ্বিতীয় দিনটোত উত্তাল হৈ উঠিল দিছপুৰ লাষ্টগেট। পাহাৰ,জলাশয়,গ্ৰাণ্ট আদিৰ পাৰত থকা ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

ধুবুৰী, 29 নৱেম্বৰঃ বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ অভিযোগত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ । ধুবুৰী আৰু দক্ষিণ শালমাৰা, মানকাচৰতো কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। পিয়াজৰ মালা পিন্ধি বেনাৰ পোষ্টাৰ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

বৰপেটা, 29 নৱেম্বৰঃ কলগাছিয়াতো বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাত ৰূপশী ব্লক কংগ্ৰেছ কমিটিৰ অৱস্থান ধৰ্মঘট। দেশৰ অৰ্থনৈতিক দুৰৱস্থাকে ধৰি বিভিন্ন সমস্যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰপেটাত প্ৰতিবাদ
তিনিচুকীয়া, 29 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ফিল'বাৰীত আছুৰ চাইকেল ৰেলী ৷ ফিল'বাৰী কনিষ্ট মহাবিদ্যালয়ৰ পৰা উলিওৱা চাইকেল ৰেলী ফিল'বাৰী আছুৰ কাৰ্যালয়ত অন্ত পৰে ৷
ফিল'বাৰীত প্ৰতিবাদ
ডিব্ৰুগড়, 29 নৱেম্বৰঃ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু টিংখাং ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাৰ বাবেই প্ৰতিবাদত বহে কংগ্ৰেছ কৰ্মীসকল ৷

বিশ্বনাথ, 29 নৱেম্বৰঃ বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদ। দেশত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ বাবেই বিশ্বনাথ জিলা কংগ্ৰেছ দলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীসকলে ।

বিশ্বনাথত প্ৰতিবাদ

কামৰূপ, 29 নৱেম্বৰঃ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ ৰ তীব্ৰ বিৰোধিতা। যাৰ বাবে বকোৰ বোন্দাপাৰাৰ পৰা ছয়গাঁৱৰ গোৱৰ্ধনালৈ বিশাল পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এই বিশাল পদযাত্ৰা ।

বকোত প্ৰতিবাদ

কৰিমগঞ্জ,29 নৱেম্বৰঃ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২ ঘন্টা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

কৰিমগঞ্জত প্ৰতিবাদ

বৰপেটা, 29 নৱেম্বৰঃ সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা,নিবনুৱা সমস্যা,নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত ৰূপায়িত হয় এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷

বৰপেটাত প্ৰতিবাদ

কামৰূপ, 29 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত কংগ্ৰেছে বিশাল গণ বিক্ষোভ কাৰ্যসূচী পালন কৰে ৷

কামৰূপত প্ৰতিবাদ

ধুবুৰী, 29 নৱেম্বৰঃ ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । প্ৰধানমন্ত্ৰী আৰু সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷

ধুবুৰীত প্ৰতিবাদ

ডিব্ৰুগড়, 29 নৱেম্বৰঃ টিংখাঙত বিজেপি চৰকাৰক তুলাধুনা প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ,কয়লা চিণ্ডিকেটৰ ওপৰতো বিস্ফোৰক মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷ টিংখাঙতো প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি টিংখাং চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

টিংখাঙত প্ৰতিবাদ

আৰু পঢ়কঃ প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Intro:খুমটাইত কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত খুমটাই ৰাজহচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্না কায্যসূচিৰে উত্তাল কৰিলে বহু কংগ্ৰেছ কৰ্মীয়ে।Body:খুমটাইত কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৷ ভয়াবহ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আদি ত চৰকাৰৰ ব্যৰ্থতাৰ বাবে কঠালগুৰি ব্লক কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী হিৰন্যময়ী বৰা, ব্লক কংগ্ৰেছৰ সভাপতি টংককমল গগৈৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ মোদী চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল হুছিয়াৰ আদি শ্ল’গানেৰে উত্তাল হৈ পৰে খুমটাই ৷Conclusion:Byte 1/ প্ৰতিবাদী।

খুমটাইৰ পৰা দিপক হাজৰিকা।
Last Updated : Nov 30, 2019, 12:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.