ETV Bharat / state

All Assam Kalita Alpine People's Conference: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কলিতা জনগোষ্ঠীৰ - all assam kalita alpine peoples conference

ৰঙিয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সংবাদমেল । উক্ত সংবাদমেলত নেতাসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে চৰকাৰে তেওঁলোকক সকলো ক্ষেত্ৰতে বঞ্চিত কৰি আহিছে ।

all assam kalita alpine peoples conference
সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন
author img

By

Published : Jun 20, 2023, 8:37 PM IST

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন

ৰঙিয়া, ২০ জুন : বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে কলিতা জনগোষ্ঠী । মঙলবাৰে ৰঙিয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে এক সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । কলিতা সকলৰ দাবী মানি নল'লে অহা লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ হুংকৰ দিছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে ।

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতাসকলে কয় যে তেওঁলোকৰ দাবী মানি নল'লে ৬০ লাখ কলিতা জনগোষ্ঠীৰ লোকে একগোট হৈ অহা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক । ২০ শতাংশ আসন সংৰক্ষণৰ দাবী জনাইছে কলিতা আলপাইন জনগোষ্ঠীয়ে । মেডিকেলৰ ক্ষেত্ৰতো আসনক লৈ কলিতা জনগোষ্ঠীক প্ৰতাৰণা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে। সংগঠনটোৱে এই দাবী কাৰ্যকৰী নকৰিলে আইনগত ব্যবস্থাৰ লগতে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে । তেওঁলোকে কয় যে দাবী সমূহ মানি নল'লে ফল ভুগিব লাগিব বিজেপি চৰকাৰে ।

এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ ভাবুকি দিছে । চিকিৎসা বিজ্ঞানৰ আসনৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীক সংৰক্ষণ ব্যৱস্থাৰ ভিতৰ নৰখাৰ তীব্ৰ বিৰোধিতা কৰে । সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতাসকলে কয় যে ১৫০০ খন আসনৰ ১১২৫ খন আসনেই সংৰক্ষণ কৰিলে যদিও কলিতা জনগোষ্ঠীক বঞ্চিত কৰিলে এইখন চৰকাৰে । সেয়েহে পুনৰ এই ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনায় । যদিহে এই ক্ষেত্ৰত অসমৰ সবাতোকৈ পুৰণি জনগোষ্ঠী কলিতা জনগোষ্ঠীক এই সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত নানে তেন্তে আন্দোলন কাৰ্যসূচীৰ লগতে আইনী ভাৱেও যুঁজ দিব । আনহাতে, আগন্তুক লোকসভা বা পঞ্চায়ত নিৰ্বাচনত বিজেপিক কলিতা জনগোষ্ঠীৰ প্ৰায় ৬০ লাখ লোকে প্ৰতিহত কৰিব বুলিও সকীয়াই দিয়ে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে ।

লগতে পঢ়ক:Artificial flood in Guwahati: কৃত্ৰিম বান ৰোধৰ বাবে প্ৰয়োজন হ’লে চলোৱা হ’ব উচ্ছেদ- মন্ত্ৰী অশোক সিংহল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.