গুৱাহাটী, ৬ জুন : প্ৰধানমন্ত্ৰী কৃষক আঁচনিত বিগত আঢ়ৈ বছৰত প্ৰায় ৩৭০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৷ এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ ৷ মঙলবাৰে দলটোৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ উপ-সভাপতি চমশ্বেৰ সিঙে এই অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত উপস্থিত থাকে মুখপাত্র অমৃত খাটনিয়াৰ আৰু অমিতাভ বৰঠাকুৰ আৰু মিডিয়া পেনেলিষ্ট অভিজিৎ কমল ভূঞা ৷
সংবাদমেলত চমশ্বেৰ সিঙে কয় যে, অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি কেলেংকাৰীৰ বৰ্তমানলৈকে কোনোধৰণৰ তদন্ত হোৱা নাই ৷ তাৰ বিপৰীতে কৃষি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ জৰিয়তে ভুৱা হিতধিকাৰীসকলক ধন ঘূৰাই দিবলৈ আহ্বান জনায়ে দ্বায়িত্ব সামৰিছে ৷ লগতে তেওঁ কয় যে, কৃষি বিভাগৰ নিজস্ব তথ্য মতে এতিয়ালৈকে ৯,৩৯,১৪৬ জন ভুৱা হিতধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিছে ৷
উল্লেখ্য যে, কৃষি বিভাগৰ পৰা ভুৱা হিতধিকাৰী সকলক এই আঁচনিৰ ধন ঘূৰাই দিবলৈ দুবাৰকৈ জনোৱা আহ্বানৰ বিপৰীতে বৰ্তমানলৈকে মাত্ৰ ৮১৭ গৰাকী ব্যক্তিয়েহে ধন উভতাই দিছে ।
ইফালে চমশ্বেৰ সিঙে বিষয়টোৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে, এই কেলেংকাৰীত জড়িত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ভুৱা হিতধিকাৰী সকলৰ বিৰুদ্ধে কোনোধৰণৰ বিভাগীয় ব্যৱস্থা তথা আইনী গোচৰ দাখিল কৰা হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে খেতিয়ক সকলৰ উন্নতিৰ বাবে যুগুত কৰা এই আঁচনিখনৰ জৰিয়তে আচলতে অসম বিজেপি আৰু অগপ দলে নিজ নিজ দলৰ কাৰ্যকৰ্তা তথা নেতা-পালিনেতা সকলক ভুৱা হিতধিকাৰী হিচাপে সংস্থাপিত কৰি ৰাজকোষৰ ধন লুটি আছে ৷ যাৰ বাবে আজিলৈকে এই আঁচনিখনৰ কেলেংকাৰীৰ বিষয়ে সকলো জানিও কোনোধৰণৰ তদন্ত নকৰাকৈ ধন উভতাই দিবলৈ সাধাৰণ বিজ্ঞাপন দিয়েই চৰকাৰে দায়িত্ব সামৰিছে ৷
এই কেলেংকাৰীৰ ফলশ্ৰুতিত অসমৰ লাখ লাখ প্ৰকৃত কৃষক আঁচনিখনৰ পৰা বঞ্চিত হৈছে । ইয়াৰ বিৰুদ্ধে চি বি আই (CBI) তদন্তৰ দাবী কৰিছে অসম জাতীয় পৰিষদে ৷
লগতে পঢ়কঃ টকিঅ' অলিম্পিকত যিকোনো দলকে পৰাস্ত কৰিব পাৰিব ভাৰতে : ৰাণী ৰামপাল