ৰঙিয়া,17 মাৰ্চ: ৰঙিয়াত অসম জাতীয় পৰিষদে ভোটাৰক আকৰ্ষিত কৰিবলৈ লৈছে ন ন কৌশল । দোকানে দোকানে প্ৰচাৰ চলাইছে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াই । শতাধিক লোকৰ পৰিৱৰ্তে কিছুসংখ্যক লোকক লগত লৈ পদপথৰ লোকসকলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যতিক্ৰমী প্ৰচাৰ চলাইছে প্ৰাৰ্থী গৰাকীয়ে ।
কৰবাত যদি নিজৰ পৰিচয় দি ভোট ভিক্ষা কৰিছে, আন কৰবাত আকৌ বিজেপি আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাক তীব্ৰ সমালোচনা কৰিছে ডাঃ বাবুল চহৰীয়াই । অসম জাতীয় পৰিষদৰ জয় নিশ্চিত বুলি মন্তব্য কৰে চহৰীয়াই । "বিজেপিয়ে বাস্তৱতাক অস্বীকাৰ কৰি লৈছে । অসম জাতীয় পৰিষদৰ বাস্তৱতাক দেখা নাই । কিয়নো বিজেপিয়ে গাড়ী-ঘোঁৰা লৈ ওপৰে ওপৰে ঘুৰি ফুৰিছে । সেয়ে তেওঁলোকে বাস্তৱতাক দেখা নোপোৱাটো স্বাভাৱিক " বুলি বিজেপিক কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে ৷