আজৰা, 13 নৱেম্বৰঃ শিশু দিৱসৰ এদিন আগতে অভিভাৱকহীন, গৃহহীন শিশুসকলৰ স'তে শিশু দিৱস উদযাপন কৰে শিশু সুৰক্ষাৰ প্ৰতি দায়বদ্ধ সংস্থা Centre For Development Initiatives তথা চমুকৈ CDIয়ে । বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত এদিন আগতীয়াকৈ শিশু দিৱস উদযাপন কৰে সংস্থাটোৱে।
লগতে পঢ়কঃ TIME 100 তালিকাত স্থান লাভ দুতি চান্দৰ
পথে পথে খুজি মাগি খোৱা, বিভিন্ন দোকানত অতি কম বয়সতে নিজকে নিয়োজিত কৰা, অতি কম বয়সতে একাংশ পিতৃ-মাতৃৰ নিকৃষ্ট কৰ্মৰ বলি হোৱা শিশুসকল তথা টকা-পইছাৰ অভাৱত অভিভাৱকে শিশুক পঢ়া-শুনাৰ খৰছ বহন কৰিব নোৱাৰা শিশুসকলক উদ্বাৰ কৰি Centre For Development Initiatives তথা চমুকৈ CDI য়ে সেই শিশুসকলৰ দায়িত্ব বহন কৰি আহিছে ।
বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা বেচৰকাৰী সংস্থাটোৱে আয়োজন কৰা শিশু দিৱসত বিশেষকৈ গৃহ শ্ৰমিকৰ ল'ৰা-ছোৱালীক সাঙুৰি লোৱা হয় । এই অনুষ্ঠানত শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালী,নাচ-গান আদি আয়োজন কৰি শিশুসকলক বিভিন্ন উপহাৰো প্ৰদান কৰে সংস্থাটোৱে ৷