ETV Bharat / state

বকোত বাছ দুৰ্ঘটনাত আহত 18 গৰাকী যাত্ৰী

বুধবাৰে কেন্দুগুৰীত আগৰতলাৰ পৰা ধুবুৰী অভিমুখে ১৪ গৰাকী আবদ্ধ লোকক কঢ়িয়াই অনা বাছ এখন দুৰ্ঘটনাত পতিত হয় ।

author img

By

Published : May 13, 2020, 4:50 PM IST

accident occurred in nh 37
accident occurred in nh 37

বকো, 13 মে': বকোৰ কেন্দুগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত তীব্ৰ খুন্দা মাৰে এখন বাছে । তাৰ পিচতে ই-ৰিক্সা এখনতো খুন্দিয়ায় বাছখনে । দুৰ্ঘটনাৰ ফলত বাছখনত থকা ১৪ গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে 5 গৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনা

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা বাছখনে, লক্ ডাউনৰ ফলত আবদ্ধ ১৪ গৰাকী লোকক কঢ়িয়াই আনিছিল । প্ৰাপ্ত তথ্য অনুসৰি ই-ৰিক্সাৰ চালকজনকো সংকটজনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়কঃ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল অৰ্ধশতাধিক দোকান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.