ৰঙিয়া, 29 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ গ্ৰাসত পৰি কৰ্মসংস্থাপন হেৰুৱাই ইতিমধ্যে দিশহাৰা হৈছে বহু লোক ৷ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত ৰাজ্যৰ বহু পৰিয়ালে দুবেলা-দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক ৷ ইয়াৰ মাজতে ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
ৰঙিয়াৰ ৰাজপথত দুচকীয়া-চাৰিচকীয়া বাহন ঠেলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অৰ্ধ শতাধিক আছু কৰ্মীয়ে ৷ কিন্তু প্ৰতিবাদস্থলীত আছু কৰ্মীসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ যাৰ বাবে আছু-আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ ইয়াৰ পিছতে অৰ্ধ শতাধিক আছু কৰ্মীক আটক কৰি ৰঙিয়া থানালৈ লৈ যায় আৰক্ষীয়ে ৷
ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰাজপথত দুচকীয়া-চাৰিচকীয়া বাহন ঠেলি এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, আচ্ছে দিন অহা নাই, বিজেপি চৰকাৰ হায় হায়, আছু জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদী সমদলটো ৰঙিয়া থানা ৰোডেৰে গৈ থাকোতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷
ইয়াকে লৈ আছু-আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ৰঙিয়া আৰক্ষীয়ে অৰ্ধ শতাধিক আছু কৰ্মীক আটক কৰি থানালৈ লৈ যোৱা কাৰ্যক ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে ৷ বিজেপি চৰকাৰকো প্ৰতিবাদকাৰীসকলে তীব্ৰ সমালোচনা কৰে ৷ উল্লেখ্য যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কামৰূপ জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতাকো আৰক্ষীয়ে আটক কৰে ৷
লগতে পঢ়কঃ অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে